দিল্লীৰ মছনদত অধিষ্ঠিত হোৱাৰ পৰা প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বিজেপিৰ নখন ৰাজ্য দখল, গংগোত্ৰীৰ পৰা গংগাসাগৰলৈ মোদী-মেজিক

dainik janambhumi May 10, 2026

ডিজিটেল ডেস্ক: ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে সাতখন ৰাজ্যৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত এটা জনপ্রিয় বাক্য প্ৰচাৰ হৈছিল- 'দিল্লীৰ পৰা হাওৰালৈ ৰে'লেৰে ভ্ৰমণ কৰিলে এখনো কংগ্ৰেছ শাসিত ৰাজ্য অতিক্রম কৰিব নালাগে'। 

এতিয়া প্রায় ৬টা দশকৰ পাছত ভাৰতীয় জনতা পার্টিয়ে (বিজেপি) দাবী কৰিব পাৰে যে হাৰিয়ানাৰ ছণ্ডীগড়ৰ পৰা পশ্চিম বংগৰ হাওৰালৈ যাত্ৰা কৰিলে কেৱল বিজেপিশাসিত ৰাজ্যৰ মাজেৰেহে যাব লাগিব। যোৱা ৪ মে'ৰ নির্বাচনী ফলত পশ্চিম বংগত বিজেপিয়ে অভূতপূর্ব আসন লাভ কৰি বিজয় সাব্যস্ত কৰে। আনহাতে, কালি পশ্চিম বংগত শুভেন্দু অধিকাৰীৰ নেতৃত্বত বিজেপিৰ চৰকাৰ গঠন হয়। 

উল্লেখযোগ্য যে ২০১৪ চনত নৰেন্দ্ৰ মোদী প্রধানমন্ত্রীৰ পদত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা নখন ৰাজ্য বিজেপিৰ দখললৈ আহিছে। ২০১৪ চনত দিল্লীৰ মছনদ দখলৰ পাছতেই মোদী মেজিক মন্ত্রই হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত বিজেপিক শাসনলৈ আনে। ইয়াৰ পাছত ২০১৬ চনত অসম আৰু অৰুণাচল প্রদেশক কংগ্ৰেছমুক্ত কৰি বিজেপিৰ দখললৈ আনে প্রধানমন্ত্রী মোদীৰ যাদুকৰী ভাষণ আৰু নির্বাচনী কৌশলে। পৰৱৰ্তী সময়ত ২০১৭ চনত মণিপুৰ, ২০১৮৩ ত্ৰিপুৰা, ২০২৪ত ওড়িশা, ২০২৬ত বিহাৰ আৰু শেহতীয়াকৈ পশ্চিম বংগত বিজেপিয়ে ক্ষমতাৰ বাঘজৰী লয়।

এক কথাত গংগোত্ৰীৰ পৰা গংগা সাগৰ, কামৰূপলৈকে গেৰুৱা দলৰ সাম্রাজ্য বিস্তাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'লে বিজেপিৰ শীৰ্ষতম নেতা নৰেন্দ্ৰ নৰেন্দ্ৰ মোদীৰ কাৰ্যকুশলতা আৰু জনপ্রিয়তাৰ লগতে বাকপটুতা আৰু নির্বাচনী কৌশলে এই ৰাজ্যকেইখনত কংগ্ৰেছ আৰু আন বিৰোধী দলক আঁতৰাই বিজেপিয়ে শাসন দখল কৰিলে। এই বিষয়ত ৰাজনৈতিক বিশ্লেষকসকলে মত ব্যক্ত কৰা অনুসৰি, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিয়ে ৰাজ্যকেইখনৰ আঞ্চলিক সমস্যাত গুৰুত্ব দিয়া, সাংগঠনিক দিশত শক্তিশালী বিস্তাৰ, বিজেপিৰ শক্তিশালী স্থিতি নথকা ৰাজ্যত প্রধানমন্ত্রী মোদী আৰু গৃহ মন্ত্রী অমিত শ্বাহৰ প্ৰত্যক্ষ সবল নির্বাচনী প্রচাৰ, মিত্রজোটৰ ব্যৱস্থাপনা, বিকাশমুখী আঁচনিৰ প্রতিশ্রুতি দি নখন ৰাজ্যত ক্ষমতা দখল কৰিবলৈ সক্ষম হয়।

Share This