ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পাঁচখন ৰাজ্যত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে। উল্লেখযোগ্য যে এই বছৰ অসম, পশ্চিম বংগ, কেৰালা, তামিলনাডু, আৰু কেন্দ্রীয়শাসিত পুডুচেৰীৰ বিধানসভাৰ নির্বাচন হ'ব। প্রধানমন্ত্রীয়ে ইয়াৰ তামিলনাডু আৰু কেৰালাত দুখন জনসমাৱেশত ভাষণ দিয়ে। ইয়াৰ লগতে তেওঁ দক্ষিণ ভাৰতত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ তিৰুৱনন্তপুৰৰ্মত দিয়া ভাষণত কয় যে ১৯৮৭ চনৰ আগতে গুজৰাটত বিজেপি এটা প্রান্তীয় দল আছিল।
বাতৰি কাকতত দুটা বাক্যও প্রকাশ নহৈছিল। এতিয়া যেনেকৈ তিৰুৱনন্তপুৰমত বিজেপিয়ে জয়লাভ কৰিছিল ঠিক তেনেদৰে ১৯৮৭ চনত বিজেপিয়ে প্ৰথমবাৰৰ বাবে আহমেদাবাদত নগৰ নিগমৰ নিৰ্বাচনত জয়লাভ কৰিছিল।
ইয়াৰ পৰাই গুজৰাটত বিজেপিৰ ভেটি স্থাপন হ'ল। প্রধানমন্ত্রীয়ে কয় যে তিৰুৱনন্তপুৰমক কেইবা দশক ধৰি বাওঁপন্থীসকলে বহুত অন্যায় কৰিলে।
ইয়াৰ জনসাধাৰণৰ প্ৰাথমিক সা-সুবিধাসমূহৰ পৰা বঞ্চিত কৰিলে। এল ডি এফ, ইউ ডি এফৰ লোকসকলে কেৰালাক দুর্নীতি আৰু অপশাসনৰ ৰাজনীতিত নিমজ্জিত কৰিলে। এল ডি এফ আৰু ইউ ডি এফৰ পতাকা সুকীয়া, প্রতীক সুকীয়া কিন্তু ৰাজনীতি আৰু বিষয়বস্তু দুয়োটাৰে একেই। এওঁলোকৰ গোপন বুজাবুজি ওফৰাব লাগিব। পৰিৱৰ্তন আনিব লাগিব। তেওঁ কয়, 'কংগ্ৰেছৰ মুছলিম লীগ আৰু মাওবাদী চিন্তাধাৰাৰ পৰা আপোনালোক সতর্ক হৈ থকা উচিত। তেওঁলোকে কেৰালাক নিজৰ পৰীক্ষাগাৰত পৰিণত কৰিছে। কংগ্ৰেছে ইয়াত মৌলবাদ বিয়পোৱাত সহায় কৰিছে। আস্থাৰ পৱিত্ৰ ধৰিত্ৰীক মুছলিম লীগৰ বিষয়বস্তুৰ পৰা বচাব লাগিব। ২০১৪ চনৰ আগতে দিল্লীত বাওঁ মৰ্চাৰ সমৰ্থনত চৰকাৰ আছিল, সেই সময়ত কেৰালাৰ কৃষকৰ বাবে বাওঁপন্থীয়ে একোকে নকৰিলে। কৃষকৰ হিতৰ বাবে দিয়া ধন নেটাৰ পকেটত সোমাল। আমি প্রধানমন্ত্রী কিষাণ নিধি আৰম্ভ কৰিলোঁ। এল ডি এফ, ইউ ডি এফৰ লোকসকলে বিচাৰিলেও ইয়াৰ ধন লুট কৰিব নোৱাৰে।' প্ৰধানমন্ত্ৰীয়ে কয়, 'তিৰুৱনন্তপুৰমৰ সৈতে বাওঁপন্থীসকলে যথেষ্ট অন্যায় কৰিলে। বাওঁ মর্চা আৰু কংগ্ৰেছে দুর্নীতিৰে জনসাধাৰণক মৌলিক সা-সুবিধাসমূহৰ পৰা বঞ্চিত কৰিলে। এতিয়া সেইটো নহ'ব। আমাৰ টীমে বিকশিত কেৰালাৰ কাম আৰম্ভ কৰিছে। মই ইয়াৰ জনসাধাৰণক কওঁ যে আপোনালোকে আস্থা ৰাখক, এতিয়ালৈকে যি পৰিৱৰ্তন নহ'ল সেই পৰিৱৰ্তন এতিয়া হ'ব। তিৰুৱনন্তপুৰম সমগ্ৰ দেশৰ বাবে আদৰ্শৰ মহানগৰী হৈ পৰিব।'
দুর্নীতিয়ে কেৰালাৰ উন্নয়ন বাধাগ্রস্ত কৰে। বেংকত কেলেংকাৰি কৰি দৰিদ্ৰৰ ধন লুট কৰা হৈছে। কোনোবাই সন্তানৰ পঢ়া-শুনাৰ কাৰণে, কোনোবাই কন্যাৰ বিয়াৰ বাবে ধন জমা ৰাখিছিল। তাকে কংগ্ৰেছ আৰু বাওঁপন্থীয়ে লুট কৰিলে। এনেলোকক কঠোৰ শাস্তি দিব লাগে। আপোনালোকে বিজেপিক সুযোগ দিয়ক, যিসকলে আপোনালোকৰ ধন লুট কৰিছিল তেওঁলোকে এপইচালৈকে ঘূৰাই দিব লাগিব।' তেওঁ কয় যে বিকশিত কেৰালাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় হৈছে। কেৰালাক নতুন ৰাজনীতিৰ প্ৰয়োজন। কেৰালাত বিজেপিক সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, 'ভগৱান আয়াপ্পা মন্দিৰৰ প্ৰতি সমগ্র দেশৰে আস্থা আছে, কিন্তু এল ডি এফ চৰকাৰে সবৰীমালা মন্দিৰৰ ক্ষতি কৰাৰ সকলো ধৰণৰ প্ৰচেষ্টা চলালে। ইয়াত সোণ চুৰি হোৱাৰ বাতৰি ওলাইছে। ভগৱানৰ কাষৰ পৰা সোণ চুৰি হৈছে, ইয়াত বিজেপিৰ চৰকাৰ হোৱাৰ লগে লগে ইয়াৰ তদন্ত হ'ব আৰু দোষীৰ স্থান কাৰাগাৰত হ'ব। এয়া মোদীৰ গেৰাণ্টি।'
প্রধানমন্ত্রীয়ে কালি কেৰালাত তিনিখন অমৃত ভাবত এক্সপ্ৰেছ আৰু এখন যাত্রীবাহী ৰে'লসহ চাৰিখন নতুন ৰে'লৰ যাত্রা পতাকা জোকাৰি আৰম্ভ কৰে। এই সময়ত প্রধানমন্ত্রী স্বনিধি ক্রেডিট কার্ডো আৰম্ভ কৰে। ইয়াৰ উপৰি প্রধানমন্ত্রীয়ে তিৰুৱনন্তপুৰমত চি এছ আই আৰ-এন আই আই এছ টি ইন'ভেশ্যন, টেকনল'জী আৰু এণ্টাৰপ্রেনিউৰশ্বিপ হাবৰ আধাৰশিলা স্থাপন কৰে। ইফালে তামিলনাডুৰ চেংগলপটুত প্রধানমন্ত্রীয়ে কয় যে ৰাজ্যখনৰ লোকসকলে ডি এম কেৰ কুশাসনৰ পৰা মুক্তি বিচাৰিছে। ডি এম চৰকাৰৰ পতনৰ ক্ষণ গণনা আৰম্ভ হৈছে। প্রধানমন্ত্রীয়ে কয়, 'ডি এম কেই বহুত প্রতিশ্রুতি দিলে কিন্তু কাম একোকে নহ'ল। ডি এম কে চৰকাৰক জনসাধাৰণে চি এম চি চৰকাৰ বুলি কয়। অর্থাৎ 'কৰাপশ্যন মাফিয়া আৰু ক্রাইম'ক উৎসাহ যোগোৱা চৰকাৰ বুলি কয়। তামিলনাডুৰ জনসাধাৰণে ডি এম কে চৰকাৰক ওফৰাই পেলোৱাৰ বাবে মন বান্ধিছে। ইয়াত এন ডি এৰ ডাবল ইঞ্জিন চৰকাৰ গঠন হোৱাটো নিশ্চিত।' মোদীয়ে ৰাজ্যখনৰ ডি এম কে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, 'যিসকলৰ দুৰ্নীতিৰ সৈতে সম্পর্ক, মহিলাক নির্যাতন কৰাসকলৰ সৈতে সম্পৰ্ক আৰু আমাৰ সংস্কৃতিৰ অপব্যৱহাৰ কৰাসকলৰ সৈতে সম্পর্ক আছে তেওঁলোকক লৈ আগবাঢ়ে। সেয়েহে এই বিলাক কামত জড়িত থকাসকল ডি এম কেত আগবাঢ়ি গৈছে। তামিলনাডুৰ শিশুসকলেও জানে ক'ত-কিমান দুর্নীতি হৈছে আৰু এই ধন কাৰ পকেটলৈ গৈছে।'
প্রধানমন্ত্রীয়ে কয়, 'যোৱা ১১ বছৰত এন ডি এৰ কেন্দ্ৰীয় চৰকাৰে অভূতপূর্ব কাম কৰিছে। ২০১৪ চনৰ আগতে যেতিয়া দিল্লীত কংগ্ৰেছৰ মৰ্চা চৰকাৰ আছিল তেতিয়া তামিলনাডুৰ উন্নয়নৰ বাবে কম পুঁজি দিয়া হৈছিল। যোৱা ১১ বছৰত এন ডি এ চৰকাৰে তামিলনাডুক ৩ লাখ কোটি টকা দিয়ে। কংগ্ৰেছ চৰকাৰৰ তুলনাত প্রায় তিনি গুণ অধিক। তামিলনাডুৰ কল্যাণৰ বাবে এন ডি এ চৰকাৰে কোটি কোটি টকা দিছে।' প্রধানমন্ত্রীয়ে কয়, 'আমি কেৱল তামিল সংস্কৃতিৰ কথা কোৱা নাই, ইয়াৰ সুৰক্ষাৰ বাবেও কাম কৰিছোঁ। ভগৱান মুৰুগনৰ দীপক লৈ যেতিয়া বিতৰ্কৰ সৃষ্টি হ'ল তেতিয়া আমাৰ নেতাসকলে মাত মাতিছিল। ডি এম কে আৰু তেওঁলোকৰ সহযোগীসকলে ভোট বেংক সন্তুষ্ট কৰাৰ বাবে আদালতৰো বদনাম কৰিলে। ডি এম কে তামিলনাডুৰ সংস্কৃতিৰ আটাইতকৈ ডাঙৰ শত্রু।