ডিজিটেল ডেস্ক : ইৰানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেইক লৈ পুনৰ ৰহস্যৰ সৃষ্টি হৈছে। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত গুৰুতৰভাৱে আহত খামেনেই সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল। কিন্তু শেহতীয়াকৈ ইৰানৰ মাছাদ চহৰৰ এখন বেৰত আঁৰি থোৱা জীৱিত থকাক লৈ সন্দেহৰ সৃষ্টি কৰিছে৷ মাছাদ চহৰৰ এখন গুৰুত্বপূৰ্ণ বেৰত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত নিহত নেতাসকলৰ ছবি আঁৰি ৰখা হৈছে।
ইৰানৰ তদানীন্তন সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইকে ধৰি দেশখনৰ প্ৰতিৰক্ষা বাহিনীৰ নিহত নেতাসকলৰ ছবি এই বেৰত সংলগ্ন কৰা হৈছে। এই বেৰতেই বৰ্তমানৰ সর্বোচ্চ নেতা মুজতবা খামেনেইৰ ছবিও একে শাৰীতে সংলগ্ন কৰি ৰখা হৈছে। যাৰ ফলত যোৱা প্রায় দুমাহ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা মুজতবাৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।
উল্লেখযোগ্য যে আমেৰিকা আৰু ইজৰাইলৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত যুদ্ধৰ প্ৰথম দিনাই (২৮ ফেব্ৰুৱাৰী) পিতৃ আলী খামেনেইৰ মৃত্যু হৈছিল আৰু মুজতবা খামেনেই গুৰুতৰভাৱে আহত হৈছিল। প্রথমে তেওঁ ৰাছিয়াত চিকিৎসা গ্রহণ কৰি থকা বুলি তথ্য প্রকাশ পাইছিল যদিও পৰৱৰ্তী সময়ত তেওঁক ইৰানৰ পৱিত্ৰ কুৱাম চহৰত চিকিৎসা কৰি থকা বুলি সংবাদ প্রকাশ পাইছিল।