ডিজিটেল ডেস্ক : আয়াতুল্লা আলী খামেনেইৰ পাছত আয়াতুল্লা মোজতাবা খামেনেইক ইৰানৰ সৰ্বোচ্চ নেতাৰূপে নিয়োগ কৰা হৈছে।
উল্লেখযোগ্য যে ইজৰাইল আৰু আমেৰিকাৰ বিমান আক্রমণত ২৮ ফেব্ৰুৱাৰীত পূৰ্বৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ মৃত্যু হৈছিল। ইৰানৰ মেহেৰ নিউজ এজেন্সিয়ে (এম এন এ) কয়, 'ইৰান ইছলামী গণৰাজ্যৰ 'এছেম্বলি অব্ এক্সপার্টে সোমবাৰে আগবেলা আয়াতুল্লা চেয়ীদ মোজতাবা খামেনেইক ইছলামিক ৰিভলিউশ্যনৰ তৃতীয় নেতাৰূপে ঘোষণা কৰে।'
এটা বিবৃতিত 'এছেম্বলি অব্ এক্সপার্টে কয় যে আয়াতুল্লা আলী খামেনেইৰ 'শহীদ'ৰ পাছতে আৰু যুদ্ধকালীন পৰিস্থিতি, শত্ৰুৰ ভাবুকি আৰু এছেম্বেলি কার্যালয়ত বোমাবর্ষণ সত্ত্বেও ইৰানে নতুন নেতা নিৰ্বাচন কৰিবলৈ সংকোচ কৰা নাই। বিবৃতিত কোৱা হৈছে যে সাংবিধানিক আৰু অভ্যন্তৰীণ কৰ্তব্য অনুসৰি সংসদে এখন অতিৰিক্ত অধিৱেশন অনুষ্ঠিত কৰিবলৈ তথা উত্তৰাধিকাৰী নিয়োগ কৰিবলৈ তৎক্ষণাৎ প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰে।
উল্লেখযোগ্য যে আয়াতুল্লা আলী খামেনেইৰ 'হত্যা'ৰ পাছতে ৰাষ্ট্ৰপতি মাচুদ পেজেছকিয়ান আৰু ন্যায়পালিকাৰ মুৰব্বী গোলামহোছেইন মহচেনী-ইজেইকে ধৰি তিনিজনীয় সদস্যৰ অস্থায়ী নেতৃত্ব পৰিষদে নতুন নেতা নির্বাচন নোহোৱালৈকে দেশখনক নেতৃত্ব দি আছে।