ডিজিটেল ডেস্ক : সমগ্ৰ ৰাজ্যতে কাকপথাৰৰ ৰাতি বিহুৰ এটা সুকীয়া পৰিচয় আছে। মৰাণ জনগোষ্ঠীৰ মাজত পৰম্পৰাগতভাৱে পালন কৰে এই ৰাতি বিহু। ৰাজ্যৰ এটা অন্যতম খিলঞ্জীয়া আদিম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণসকল। উজনি অসমৰ তিনিচুকীয়া জিলাৰ ভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ মৰাণ প্রধান কাকপথাৰত নিজৰ কলা-সংস্কৃতি, পৰম্পৰাৰে জনগোষ্ঠীটোৰ পৰিচয় জীয়াই ৰাখিছে মৰাণসকলে। নিজস্ব ভাষা, কলা-সংস্কৃতি, ধর্মীয় পৰম্পৰা, সাজ-পাৰেৰে চহকী মৰাণ জনগোষ্ঠীৰ এটা চহকী অনুষ্ঠান ৰাতি বিহু। অতীজৰে পৰা মৰাণ জনগোষ্ঠীয়ে পালন কৰি আহিছে ৰাতি বিহু। চালে চকুৰোৱা ৰাতি বিহুৰ মনোৰম পৰিৱেশ।
বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো অসম মৰাণ সভা কাকপথাৰ আৰু টঙনা আঞ্চলিক সমিতি, সদৌ মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতি, মৰাণ জাতীয় মহিলা পৰিষদ, সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ কাকপথাৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু সমূহ কাকপথাৰবাসী ৰাইজৰ সহযোগত কাকপথাৰ ৰাজহুৱা খেলপথাৰত উদযাপন কৰে কাকপথাৰ ৰাতি বিহু-২০২৬। মূল মঞ্চ উদ্বোধন কৰে সাহিত্যিক পেঞ্চনাৰ ৰত্নেশ্বৰ মৰাণে। বিহুতলী মুকলি কৰে কাকপথাৰৰ সমাজকর্মী লালন কুমাৰ মৰাণে। ঢাল-কড়ি খেল উদ্বোধন কৰে কমলজ্যোতি গগৈয়ে। স্মৃতিগ্রন্থ উন্মোচন কৰে বিশিষ্ট বিজ্ঞানী ড° সোমেন্দ্রনাথ বুঢ়াগোহাঁয়ে। ৰাতি বিহু মুকলি কৰে তিনিচুকীয়া জিলা পৰিষদৰ অধ্যক্ষ ভাদেশ্বৰ মৰাণে, কলা-বীথিকা উন্মোচন কৰে বিধায়ক সুৰেন ফুকনে। ৰাতি বিহুত হাজাৰ হাজাৰ মৰাণ বিহুৱা-নাচনীৰে ভৰি পৰে খেলপথাৰ। মৰাণ বিহু নাম আৰু চাকচনী মাৰি, কলীয়া ৰিহা পৰিধান কৰা মৰাণ নাচনীৰ ভৰিৰ গিৰিপনিৰ শব্দত মুখৰিত আকাশ-বতাহ। চাৰিওফালে কেৱল মানুহ আৰু মানুহ। মৰাণ বিহুৰ মাদকতাত বিলীন হয় মোহময়ী অভিনেত্রী ধ্যানী মোহন। বিধায়ক সুৰেন ফুকনৰ লগত এপাক মৰাণ বিহু নাচিলে অভিনেত্ৰীগৰাকীয়ে। লোকবিশ্বাস অনুসৰি এইসকল মৰাণ যুৱতীক গাঁৱৰ ডেকাসকলে ৰাতি বিহুত নাচিবলৈ পৰম্পৰা অনুসৰি গৃহস্থক তামোল-পাণ আগবঢ়াই খুজিবলগীয়া হয়।
সম্পূর্ণ নিজৰ দায়িত্বৰে সুৰক্ষিত আৰু নিৰাপত্তাৰ মাজত ৰাখি ৰাতি বিহুত নাচিবলৈ দিয়া হয়। বাঁহৰ চাৰিসীমাৰে বন্ধা বিশাল এলেকাত সুৰক্ষিত আৰু নিৰাপত্তাৰ মাজত শৃংখলাবদ্ধ আৰু শালীনতা বজাই ৰখাটো ৰাতি বিহুৰ আন এক পৰম্পৰা। একে গাঁৱৰ যুৱকে নচুৱাব নোৱাৰে একেখন গাঁৱৰ যুৱতীক। অন্য গাঁৱৰ যুৱকসকলে আহি নাচনীক নচুৱায়। প্রবাদ অনুসৰি এই ৰাতি বিহুত মনৰ কথা দুচকুৰে আদান-প্রদান হয় বিহুৱা আৰু নাচনীৰ। ৰাতি বিহুৰ আছে এক সুকীয়া মাদকতা। এই মাদকতা দেখিবলৈ পোৱা যায় উজনি অসমৰ তিনিচুকীয়া জিলাৰ মৰাণ প্রধান অঞ্চলসমূহত।