'২৬ৰ প্ৰথম পষেকত দিল্লীত ৫ শতাধিক মহিলা সন্ধানহীন

dainik janambhumi February 05, 2026

ডিজিটেল ডেস্ক : জনতাৰ বাবে সুৰক্ষিত হৈ থকা নাই দেশৰ ৰাজধানী দিল্লী। চলিত বৰ্ষৰ প্ৰথম পষেকতে ৰাষ্ট্ৰীয় ৰাজধানীৰ পৰা প্ৰায় ৮০০গৰাকী লোক নিৰুদ্দেশ হোৱাৰ তথ্যই এই কথাকে প্রতিপন্ন কৰে। দিল্লী আৰক্ষীয়ে প্রকাশ কৰা তথ্য অনুসৰি পহিলা জানুৱাৰীৰ পৰা ১৫ জানুৱাৰী পর্যন্ত দিল্লীৰ পৰা ৮০৭গৰাকী লোক নিৰুদ্দেশ হৈ আছে। ইয়াৰ ভিতৰত ৫০৯ গৰাকী হৈছে মহিলা আৰু যুৱতী। 

আৰক্ষীৰ সূত্ৰ অনুসৰি গড় হিচাপত প্রতিদিনে ৫৪গৰাকী লোক দিল্লীৰ পৰা নিৰুদ্দিষ্ট হয়। অৱশ্যে, এই নিৰুদ্দিষ্ট ৮০৭গৰাকীৰ ভিতৰত আৰক্ষীৰ অনুসন্ধানত ২৩৫গৰাকীৰ সন্ধান পোৱা গৈছে। কিন্তু ৫৭২গৰাকী লোকৰ এতিয়াও কোনো সম্ভেদ লাভ কৰা নাই আৰক্ষীয়ে। ১৯১ গৰাকী শিশু-কিশোৰো ৰাষ্ট্ৰীয় ৰাজধানীৰ পৰা সন্ধানহীন হৈ আছে। 

উল্লেখযোগ্য যে যোৱা বৰ্ষত দিল্লীৰ পৰা ২৪,৫০০ লোক নিৰুদ্দেশ হোৱাৰ বিপৰীতে যোৱা এটা দশকত ২.৩ লাখ লোক ৰাষ্ট্ৰীয় ৰাজধানীৰ পৰা সন্ধানহীন হৈছে।

Share This