ডিজিটেল ডেস্ক : পাকিস্তানৰ সামৰিক বাহিনীৰ ইতিহাসত নতুন অধ্যায়ৰ সৃষ্টি কৰি শ্বেহবাজ শ্বৰীফ নেতৃত্বাধীন চৰকাৰখনে ফিল্ড মাৰ্শ্বাল আছিম মুনিৰক দেশখনৰ প্ৰথমজন 'চীফ অব্ ডিফেন্স ফর্চেছ (চি ডি এফ)' হিচাপে আনুষ্ঠানিকভাৱে শুকুৰবাৰে নিযুক্তি দিয়ে। পাৰমাণৱিক শক্তিধৰ দেশখনত এইটো হৈছে নতুনকৈ সৃষ্টি কৰা ক্ষমতাশালী সামৰিক পদ। পাঁচ বছৰৰ বাবে পাকিস্তানৰ তিনিওটা সামৰিক সেৱাৰ মুৰব্বী হ'ব এই আছিম মুনিৰ।
প্রধানমন্ত্রী শ্বেহবাজৰ কাৰ্যালয়ে প্রকাশ কৰা মতে, আছিম মুনিৰে এতিয়াৰ পৰা চীফ অব দ্য আর্মি ষ্টাফ (চি অ'এ এছ) আৰু চীফ অব ডিফেন্স ফর্চেছ (চি ডি এফ) দুয়োটা পদতে কাৰ্যনিৰ্বাহ কৰিব। আনহাতে, পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জৰ্ডাৰীয়েও এই বিষয়ত অনুমোদন দিয়ে। লক্ষণীয় বিষয়টো হ'ল, চি ডি এফ পদটোত কাৰ্যনিৰ্বাহ কৰা ব্যক্তিজন কেৱল তিনিওটা বাহিনীৰ (সেনা, বায়ুসেনা, নৌ সেনা) দায়িত্বত থকাই নহয়, তেওঁ ৰাষ্ট্ৰীয় কৌশলগত বিষয়ৰো কমাণ্ডোত থাকিব।
এই ৰাষ্ট্ৰীয় কৌশলগত বিষয়ৰ ভিতৰত দেশখনৰ পাৰমাণৱিক অস্ত্ৰ আৰু ক্ষেপণাস্ত্র পদ্ধতিও আছে। সেইবাবে আছিম মুনিৰে এতিয়াৰ পৰা পাকিস্তানৰ পাৰমাণৱিক বুটাম নিয়ন্ত্ৰণ কৰাৰ বাবে সক্ষমতা অৰ্জন কৰিলে। আনহাতে, আইনগতভাৱে বিতর্কিত আছিম মুনিৰ এতিয়া দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে সম-পৰ্যায়ৰ ক্ষমতাশালী পদত অধিষ্ঠিত হ'ল। উল্লেখযোগ্য যে পাকিস্তানৰ সংবিধান সংশোধন কৰি আছিম মুনিৰক এই ক্ষমতা প্রদান কৰা হৈছে।