ডিজিটেল ডেস্ক : ইছলামিক মৌলবাদীৰ ওচৰত সেও মানি বাংলাদেশৰ অন্তৰ্বর্তী চৰকাৰখনে শেহতীয়াকৈ দেশখনত সংগীত আৰু শাৰীৰিক শিক্ষা নিষিদ্ধ কৰিছে। মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্ৱৰ্তী চৰকাৰখনে দেশখনৰ চৰকাৰী প্রাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ স্তৰলৈকে সংগীত আৰু শাৰীৰিক শিক্ষাৰ শিক্ষক পদবোৰ ইতিমধ্যে বিলুপ্ত কৰিছে। সংগীত আৰু শাৰীৰিক শিক্ষা 'ইছলাম-বিৰোধী' বুলি দেশখনৰ ইছলামিক মৌলবাদী সংগঠনবোৰে দেশখনৰ চৰকাৰক নিৰৱচ্ছিন্নভাৱে হেঁচা প্রয়োগ কৰি অহাৰ পাছত মহম্মদ ইউনুছৰ অন্তৰ্ৱৰ্তী চৰকাৰখনে বাংলাদেশৰ সংগীত আৰু শাৰীৰিক শিক্ষা নিষিদ্ধ কৰিবলৈ বাধ্য হয়।
নোবেল বঁটাপ্রাপক মহম্মদ ইউনুছে ইয়াৰ পূর্বে দেশখনত ধর্মীয় আৰু শৈক্ষিক পাঠ্যক্ৰমৰ লগতে সাংস্কৃতিক শিক্ষাকো উদগনি দিবলৈ বিভিন্ন কার্যসূচী লৈছিল। কিন্তু ইছলামিক মৌলবাদীৰ হেঁচাত অন্তৰ্ৱৰ্তী চৰকাৰে এই সিদ্ধান্ত লয়। যোৱা মঙলবাৰে বাংলাদেশৰ প্রাথমিক আৰু গণশিক্ষা মন্ত্রালয়ে এই বিষয়ৰ সিদ্ধান্ত ঘোষণা কৰে। মন্ত্ৰ্যালয়টোৱে এটা বিবৃতিযোগে কয় যে সংগীত আৰু শাৰীৰিক শিক্ষাক বহির্ভূত কৰি এটা নতুন শিক্ষক নিযুক্তি প্রক্রিয়া দেশখনে আৰম্ভ কৰিব। মন্ত্ৰ্যালয়টোৰ বিষয়া মাছুদ আখতাৰ খানে এই তথ্য সদৰী কৰে। উল্লেখযোগ্য যে দেশখনৰ ইছলামিক মৌলবাদী সংগঠন জামাত-ই- ইছলামী, ইছলামী আন্দোলন বাংলাদেশ, খিলাফট মজলিছ আৰু হেফাজত-ই-ইছলাম আদিয়ে বাংলাদেশত সংগীত আৰু নৃত্য শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাকো নিষিদ্ধ কৰিবলৈ সমাৱেশৰ আয়োজন কৰিছিল আৰু দাবী কৰিছিল যে এই শিক্ষাবোৰ ইছলাম ধৰ্মৰ পৰিপন্থী।
যোৱা ছেপ্টেম্বৰত ইছলামী আন্দোলন, বাংলাদেশৰ মুৰব্বী ছৈয়দ ৰেজাউল কৰিমে কেছিল আপোনালোকে দিয় সংগীতৰ বিচাৰিছে? তেওঁলোকে কি শিকাব? আপোনালোকে আমাৰ শিক্ষাৰ্থীক বিজতৰীয়া, অসভ্য আৰু চৰিত্ৰহীন শিক্ষা দিব খুজিছে। আমি এইবোৰ সহ্য নকৰিম।' তেওঁ সেই সময়ত দেশখনৰ মুছলমানসকলক ইয়াৰ প্ৰতিবাদত পথলৈ ওলাই আহিবলৈ আহ্বান জনাই ছিল। ইফালে, অন্তৰ্ৱৰ্তী চৰকাৰখনৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে হাকা বিশ্ববিদ্যালয়, ৰাজশ্বাহী বিশ্ববিদ্যালয়, চট্টগ্রাম বিশ্ববিদ্যালয় আৰু জগন্নাথ বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ ছাত্র-ছাত্রীসকলে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ব্যাপক প্রতিবাদ সাব্যস্ত কৰে।