কলাক্ষেত্রত প্রয়াত সংগীত পৰিচালক ভূপেন উজীৰৰ জন্মদিন উদযাপন, সংগীতজ্ঞ অনুপম চৌধুৰীক জীৱনজোৰা সাধনা বঁটা প্রদান

dainik janambhumi April 07, 2026

ডিজিটেল ডেস্ক: সুখ্যাত সংগীতজ্ঞ আৰু শব্দযন্ত্রী প্রয়াত ভূপেন উজীৰৰ ৭৩সংখ্যক জন্মদিন উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত দেওবাৰে সন্ধিয়া অনুষ্ঠিত হয় 'হিয়া ভৰা শুভকামনাৰে-২৬' শীর্ষক এটি সংগীতানুষ্ঠান। 

গীত-মাত আৰু স্মৃতিচাৰণেৰে গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত অসমৰ জ্যেষ্ঠ সংগীত পৰিচালক অনুপম চৌধুৰীক প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বঁটা। নুমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতাত উক্ত বঁটা হিচাপে শিল্পীগৰাকীক ৫০ হাজাৰ টকাৰ চে'ক, এটা স্মাৰক, চেলেং চাদৰ আৰু গ্রন্থ প্ৰদান কৰা হয়। আনহাতে, বিশিষ্ট গীতিকাৰ সূৰ্য কুমাৰ ৰাজা, সুখ্যাত কণ্ঠশিল্পী ডলী ঘোষ সাধ্য, কণ্ঠশিল্পী-চলচ্চিত্ৰ পৰিচালক জয়ন্ত নাথ আৰু বিশিষ্ট চেতাৰবাদক হেম হাজৰিকাক প্ৰদান কৰা হয় দ্য হার্ট ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত আগবঢ়োৱা শিল্প সাধনা বঁটা। প্রয়াত সংগীতজ্ঞ ভূপেন উজীৰৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰা, শশাংক সমীৰে আঁত ধৰা অনুষ্ঠানত জীৱনজোৰা সাধনা বঁটাপ্রাপক অনুপম চৌধুৰী আৰু শিল্প সাধনা বঁটাপ্ৰাপক কেউগৰাকী ব্যক্তিয়ে ভূপেন উজীৰৰ বিৰল প্রতিভা আৰু অৱদানৰ বিষয়ে নিজৰ অভিজ্ঞতা ব্যক্ত কৰে। শিল্পী উজীৰৰ স্মৃতিত ইবছন লাল বৰুৱা ৰচিত, মানস হাজৰিকাৰ সুৰ আৰু বুলবুল দাসৰ সংগীতেৰে সজোৱা 'দৃষ্টি তোমাৰ সৃষ্টিতে' শীর্ষক এটি সমবেত গীত পৰিৱেশন কৰে। 

উল্লেখযোগ্য যে ভূপেন উজীৰৰ জন্ম দিৱস উপলক্ষে তেওঁৰ সুৰাৰোপিত গানৰ এখন অনলাইন প্রতিযোগিতা অনুষ্ঠিত হৈছিল। উক্ত প্ৰতিযোগিতাত ১৪ বছৰৰ তলৰ শাখাত প্রথম স্থান লাভ কৰে পীয়ূষ তালুকদাৰে আৰু ১৪ বছৰৰ ওপৰৰ শাখাত প্রথম স্থান লাভ কৰে অধিৰাজ হাজৰিকাই। প্রতিযোগিতাত প্রথম আঠটা স্থান লাভ কৰাসকলক কণ্ঠশিল্পীদ্বয় মনীষা হাজৰিকা আৰু বিমল দেৱ মেধিয়ে পুৰস্কৃত কৰে। পূৰ্ণ প্রেক্ষাগৃহৰ উক্ত অনুষ্ঠানত শিল্পী ডলী ঘোষে হেমন্ত দত্ত ৰচিত আৰু ভূপেন উজীৰে সুৰ-সংগীত ৰচনা কৰা 'পিতা-পুত্র' ছবিখনৰ 'হিয়া ভৰা শুভকামনাৰে' গীতটি পৰিৱেশন কৰে। 

উল্লেখযোগ্য যে অনুষ্ঠানত কৃত্তিকা উজীৰ শৰ্মা আৰু সৌৰভমহন্ত, ৰুবুল কলিতা-পাৰিজাত প্ৰিয়ম, আলিপুৰ হক-ঋতুৰাণী মৌচুমী, ৰূপম ভূঞা-প্রণামিকা গোস্বামী, প্রশান্ত ৰাজখোৱা-পাপৰি গগৈ, চাজু-প্রীতিস্মিতা উজীৰ খানুজা, বিশ্রুত শইকীয়া-মীনাক্ষী কলিতা, বুলদীপ নাথ-ৰূপাংকিতা পাপৰি, মেঘদীপ দেউৰী-অৰুন্ধতী ভানু প্রিয়া আৰু 'পঞ্চৰূপা'ই উজীৰৰ সুৰৰ বিভিন্ন গীত পৰিৱেশন কৰে। ভূপেন উজীৰৰ দুই জীয়ৰী কৃত্তিকা আৰু প্ৰীতি স্মিতাই পৰিৱেশন কৰা এটি ভিডিঅ' গীত 'তোমাৰ সুৰতে বিচাৰি পাওঁ' মুকলি কৰা হয়।

Share This