এ এন আইক দিয়া সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী , 'ভাৰতক কৃত্ৰিম বুদ্ধিমত্তাৰ মহাশক্তি কৰাই মোৰ লক্ষ্য

dainik janambhumi February 18, 2026

ডিজিটেল ডেস্ক: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি স্পষ্টভাৱে কয়, 'ভাৰতে কৃত্রিম বুদ্ধিমত্তাৰ (এ আই) ক্ষেত্ৰখনত বিশ্বক নেতৃত্ব প্রদান কৰিব পাৰিব লাগিব।' তেওঁ গুৰুত্বসহকাৰে কয় যে দেশ কেৱল প্ৰযুক্তিৰ উপভোক্তা হৈ থাকিব নোৱাৰে। অত্যাধুনিক এ আই সমাধান বিকশিত কৰা অগ্রণী ৰাষ্ট্ৰ ৰূপে ভাৰতক গঢ়ি তুলিব লাগিব। 

দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ইণ্ডিয়া এ আই ইম্পেক্ট ছামিট-২০২৬ উপলক্ষে বাতৰি প্রতিষ্ঠান এ এন আইক দিয়া এটা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীয়ে এনেদৰে কয়। প্রধানমন্ত্রীয়ে সাক্ষাৎকাৰটোত এ আইৰ দৃষ্টিভংগী, বিশ্ব পৰ্যায়ৰ সহযোগিতা, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডি পি আই), যুৱ প্ৰজন্মৰ ভূমিকা আৰু আত্মনিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ প্ৰসংগত বিস্তাৰিতভাৱে নিজৰ মত ব্যক্ত কৰে সাক্ষাৎকাৰটোত। 

ভাৰতক শীর্ষ তিনিটা এ আই মহাশক্তিৰ ভিতৰত চামিল কৰাটো তেওঁ লক্ষ্য বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এতিয়া ভাৰত এক সভ্যতাগত মোৰত উপনীত হৈছে। এনে অৱস্থাত মানৱ ক্ষমতাক অভূতপূর্বভাৱে বিস্তাৰিত কৰিব অৱকাশ আছে। তেওঁ স্পষ্ট কৰি দিয়ে যে এ আই ছামিটক কেৱল উদ্ভাৱনতে সীমাবদ্ধ ৰখা হোৱা নাই বৰং ইয়াৰ প্ৰভাৱৰ (ইম্পেক্ট) ওপৰতো মনোযোগ দিয়া হৈছে। ইয়াৰ মাৰ্গদৰ্শক চিন্তাধাৰা 'সর্বজন হিতায়, সর্বজন সুখায়'-এ ভাৰতৰ সভ্যতাগত দর্শনক প্রতিফলিত কৰে। প্ৰযুক্তিৰ অন্তিম উদ্দেশ্য সকলোৰে বাবে কল্যাণ সকলোৰে বাবে সুখ হ'ব লাগে। প্রযুক্তি মানৱতাৰ সেৱাৰ বাবেহে, ইয়াৰ স্থান লোৱাৰ বাবে নহয়। 

শীর্ষ সন্মিলনৰ মূলমন্ত্র হ'ল মানুহ, গ্ৰহ আৰু প্ৰগতিক ভিত্তি কৰি লোৱা হৈছে যাতে এ আইৰ সুবিধা কেইখনমান দেশ বা কোম্পানীতে সীমাৱদ্ধ নহৈ সমগ্র বিশ্বই লাভ কৰিব পাৰে। প্রধানমন্ত্রীয়ে কয়, 'এ আইয়ে বিকশিত ভাৰত-২০৪৭ দিশত ভাৰতৰ যাত্ৰাৰ বাবে এক পৰিৱৰ্তকামী সুযোগক প্রতিনিধিত্ব কৰিছে।' তেওঁ কয় যে স্বাস্থ্য খণ্ডত এ আয়ে টিবি, ডায়'বেটিক আৰু আন ৰোগৰ প্ৰাৰম্ভিক চিনাক্তকৰণত সহায় কৰিছে। শিক্ষাত ভাৰতীয় ভাষাত পাছনেলাইড্ লার্নিং প্লেটফর্মে গ্রামীণ ভাৰতৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰিছে। তেওঁ কয় যে আমূলে ৩৬ লাখ দুগ্ধ উৎপাদকক এ আইৰ জৰিয়তে সঠিক সময়ৰ মাৰ্গদৰ্শনৰ সুবিধা দিছে। ভাৰত বৈচিত্র্যৰে পৰিপূৰ্ণ দেশ, সেয়েহে আঞ্চলিক ভাষাসমূহ আৰু গ্রামাঞ্চলৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ ডাটাবেছ তৈয়াৰ কৰি থকা হৈছে বুলি উল্লেখ কৰি সাক্ষাৎকাৰটোত প্ৰধানমন্ত্ৰীয়ে কয় যে এ আইৰ নিৰপেক্ষ আৰু সুৰক্ষিত ব্যৱহাৰৰ বাবে ভাৰতে বিশ্ব পৰ্যায়ৰ সহযোগিতাৰ সমর্থন কৰে। প্রধানমন্ত্রীয়ে লগতে কয় যে আধাৰ আৰু ইউ পি আইৰ দৰে প্রণালীসমূহে সার্বজনীন ডিজিটেল গাঁথনি তৈয়াৰ কৰিলে। 

'ডি পি আই আৰু এ আইৰ সংযোগ সাৰ্বজনীন বিকাশৰ পৰৱৰ্তী সীমা। এ আইৰ সহযোগত এই গাঁথনিয়ে চৰকাৰী সেৱাসমূহ অধিক স্বচ্ছ তথা প্ৰভাৱশালী কৰিব পাৰে। যেনে কল্যাণকামী আঁচনিসমূহৰ সঠিক লক্ষ্য নির্ধাৰণ, প্রবঞ্চনাৰ চিনাক্তকৰণ আৰু নগৰাঞ্চলৰ আঁচনিসমূহ উন্নত কৰা আদি। যুৱ প্ৰজন্মৰ চাকৰিত এ আইৰ প্ৰভাৱ সম্পৰ্কত চৰকাৰে কি কৰি আছে বুলি সোধা প্ৰশ্নৰ উত্তৰত প্রধানমন্ত্রীয়ে যুৱ প্ৰজন্মৰ উদ্বেগৰ কথা স্বীকাৰ কৰি কয় যে প্রস্তুতিয়েই শংকা তথা ভয়ৰ আটাইতকৈ ভাল চিকিৎসা। তেওঁ কয় যে চৰকাৰে বৃহৎ হাৰত দক্ষতা বৃদ্ধি তথা পুনৰ দক্ষতা বৃদ্ধিৰ কাৰ্যসূচী চলাই আএছ। তেওঁৰ মতে প্রযুক্তিয়ে চাকৰি শেষ নকৰে, বৰং নতুন সুযোগৰ সৃষ্টিহে কৰে। 

'ইতিহাসে প্রমাণ কৰি দেখুৱাইছে যে প্ৰযুক্তিৰ কাৰণে কাম সমাপ্ত হোৱা নাই বৰং ইয়াৰ স্বৰূপ সলনি কৰে আৰু নতুন প্ৰকাৰৰ চাকৰিৰ সৃষ্টি কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এ আয়ে দেশৰ তথ্য প্রযুক্তিখণ্ডলৈ পৰিৱৰ্তন আনিছে, শেষ কৰা নাই। এ আইয়ে তথ্য প্রযুক্তি খণ্ডৰ স্থান লোৱা নাই, বৰং ইয়ালৈ পৰিৱৰ্তনহে আনিছে। চৰকাৰে ইণ্ডিয়া এ আই মিছনৰ অধীনত জি পি ইউ, ডাটা চেণ্টাৰ আৰু এ আই চেণ্টাৰ অব এক্সিলেন্স স্থাপনৰ লক্ষ্য লৈছে যাতে ষ্টার্ট আপ আৰু গৱেষণা প্রতিষ্ঠাসমূহে বিশ্ব পৰ্যায়ৰ সম্পদ লাভ কৰিব পাৰে। আত্মনিৰ্ভৰ ভাৰতত এ আইৰ দৃষ্টিভংগী কি বুলি সোধাত প্রধানমন্ত্রীয়ে কয় যে ভাৰতে প্ৰযুক্তিৰ কেৱল ব্যৱহাৰ কৰিব নালাগে, ইয়াৰ পৰিৱৰ্তে নিজেও ইয়াৰ বিকাশ কৰিব লাগে। তেওঁৰ প্ৰধান লক্ষ্য হ'ল ভাৰতক বিশ্বৰ শীর্ষ তিনিটা এ আই মহাশক্তিৰ ভিতৰত অন্তর্ভুক্ত কৰা। তেওঁ কয়, 'মোৰ লক্ষ্য হ'ল ভাৰতক বিশ্বৰ প্ৰথম তিনিটা এ আই ছুপাৰ পাৱাৰৰ ভিতৰত স্থান দিয়া। কেৱল এ আইৰ উপভোক্তা হৈ নহয়, ইয়াৰ সৃষ্টিকর্তা হিচাপেহে।' তেওঁ কয় যে এ আই ভাৰতৰ বাবে সংস্থাপন সৃষ্টি, বিশ্বপৰ্যায়ৰ নেতৃত্ব আৰু মানৱ গৰিমাক শক্তিশালী কৰাৰ মাধ্যম হৈ পৰিব। 

প্রধানমন্ত্রীয়ে কৃষি খণ্ডত গ্ৰহণ কৰা ভাৰত বিস্তাৰ কাৰ্যসূচীৰ প্ৰসংগত কয় যে ইয়াৰ লক্ষ্য হ'ল এ আইৰ জৰিয়তে শস্যৰ সম্পৰ্কত পৰামৰ্শদাতা সেৱা, মাটিৰ বিশ্লেষণ আৰু বতৰৰ বতৰা আদি একত্ৰিত কৰি কৃষকক সহায় কৰা যাতে তেওঁলোকে উন্নতভাৱে কৃষ্টি কাৰ্য কৰাৰ লগতে স্থানীয়ভাবে সঠিক সিদ্ধান্ত ল'ব পাৰে। প্রধানমন্ত্রীয়ে কয় যে এ আয়ে বিভাজনত গভীৰ কৰা বুলি উদ্বেগৰ সৃষ্টি হোৱাৰ সময়তে ভাৰতে বিভাজন দূৰ কৰাৰ বাবে এ আইক ব্যৱহাৰ কৰিছে।

Share This