৬ অক্টোবৰত নগাঁও লোক সভা সমষ্টিৰ উপ-নির্বাচন

dainik janambhumi September 08, 2026

ডিজিটেল ডেস্ক : লোক সভাৰ নগাঁও সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন দেশৰ নির্বাচন আয়োগে ঘোষণা কৰিছে। অহা ৬ অক্টোবৰত লোক সভাৰ নগাঁও সমষ্টিৰ লগতে বিধানসভাৰ তামিলনাডুৰ ২টা, পডুচেৰীৰ এটা আৰু পশ্চিম বংগৰ দুটা সমষ্টিৰ উপ-নির্বাচন একেলগে অনুষ্ঠিত হ'ব। 

নির্বাচন আয়োগে কালি ঘোষণা কৰা অনুসৰি উপ-নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব ৯ ছেপ্টেম্বৰত। ১৬ ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন আৰু পিছদিনাই মনোনয়নৰ বৈধতা পৰীক্ষা কৰা হ'ব। ১৯ ছেপ্টেম্বৰত মনোনয়ন প্রত্যাহাৰৰ দিন নিৰ্ধাৰণ কৰি ৬ অক্টোবৰত হ'বলগীয়া ভোটগ্ৰহণৰ গণনা হ'ব ১১ অক্টোবৰত। 

উল্লেখযোগ্য যে ২০২৪ৰ লোক সভাৰ নিৰ্বাচনত নগাঁও সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচিত হৈছিল। ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে বৰদলৈয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰে আৰু দিছপুৰ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয়। বৰদলৈয়ে বিজেপিত যোগ দিয়াৰ পাছতে লোক সভাৰ সাংসদ পদ ত্যাগ কৰাত খালী হৈ থকা নগাঁও সমষ্টিৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ'ব।

Share This