ডিজিটেল ডেস্ক : বিগত সময়ত কৃষিপথাৰত পানীৰ অভাৱ আৰু তীব্ৰ খৰাং পৰিস্থিতিয়ে নলবাৰীৰ খেতিয়ক-কৃষিজীৱী ৰাইজক মাধমাৰ শোধোৱাৰ পাছত সম্প্রতি বিভিন্ন কৃষি পথাৰত ধানৰ গেঁৰ ওলোৱাৰ সময়ত ধানৰ গছবোৰ ৰঙা পৰি শুকাই যোৱা ৰোগবিধে কৃষক ৰাইজক চিন্তিত কৰি তুলিছে। কৃষি চহকী জিলাখনৰ দক্ষিণ প্ৰান্তৰ আৰু পশ্চিম নলবাৰী অঞ্চলৰ বিভিন্ন কৃষি পথাৰৰ শালি ধানৰ এক বিস্তীর্ণ এলেকাৰ ধান খেতিত গছ শুকাই যোৱা ৰোগে দেখা দিয়াত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, ধান খেতিৰ এনে ৰোগ দেখা দিয়াত মূৰে-কপালে হাত দিছে গৰিষ্ঠসংখ্যক কৃষকে। এনে ৰোগৰ ফলত এবিঘা মাটিত যদি ১০-১২ মোন ধান উৎপাদন হ'ব লাগিছিল এতিয়া সেই এবিঘা মাটিত মাত্ৰ চাৰি-পাঁচ মোনহে ধানৰ ফচল পোৱাৰ সম্ভাৱনা থকাৰ আশংকা প্রকাশ কৰিছে একাংশ চহা কৃষকে। ইফালে, জিলাখনৰ গোসাইৰদল, সৰুদল, বৰ আজাৰা, সতীৰকুৰ আদি বহু খেতিপথাৰত শালিধান খেতিত এনে ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে জিলাখনত এইবাৰ পানীৰ অভাৱত বহু কৃষিভূমি ছন পৰিবলগীয়া হৈছিল। কৃষকে যি নির্দিষ্ট মাটিত এইবাৰ কিছু পলমকৈ ধান খেতি কৰিছিল সেই ধাননিডৰাটো ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাত বহু কৃষকে চিন্তাত ভুগিছে। কৃষকৰ এনে দুৰ্যোগৰ পাছতো বিভিন্ন আঁচনিৰ প্ৰচাৰমুখী সভা-সমিতিত ব্যস্ত থকা নলবাৰী জিলা কৃষি বিভাগৰ খবৰ ল'বলৈ সময় নোহোৱাত কৃষক ৰাইজ ক্ষুব্ধ হৈ পৰিছে।