ডিজিটেল ডেস্ক : নলবাৰীত কণ কণ শিক্ষার্থীয়ে এতিয়া হুইছেল বজাই বিদ্যালয়লৈ যোৱা আৰম্ভকৰিছে। সমগ্র শিক্ষা, অসমে নলবাৰী জিলাকে ধৰি অসমৰ ৮খন জিলাত পৰীক্ষামূলকভাৱে এই অভিনৱ পদ্ধতি গ্রহণ কৰিছে। সম্প্ৰতি পূব নলবাৰী শিক্ষা খণ্ডৰ অধীনত 'সিটি বজাও, স্কুল বুলাও' এই নীতি গ্রহণ কৰা হৈছে। এই কণ কণ শিক্ষার্থীসকলে নিজৰ নিজৰ সহপাঠীৰ ঘৰৰ সন্মুখত ৰৈও হুইছেল বজাব। কাৰণ সহপাঠীসকলকো আদিপাঠ অধ্যয়নৰ শিক্ষা দিব লাগিব। লগতে যিসকল শিক্ষার্থীয়ে তিনিদিন ধৰি বিদ্যালয়লৈ নাহে, তেনে কণ কণ শিক্ষাৰ্থীৰ ঘৰৰ সন্মুখতো সহপাঠীয়ে হুইছেল বজাব লাগিব। এই পদক্ষেপৰ মূল বিষয় আৰু উদ্দেশ্য হ'ল। বিদ্যালয়ত ড্রপ আউট (পঢ়া আধাতে এৰা) ৰোধ কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰা। উল্লেখযোগ্য এই হুইছেল মূলতঃ ব্যৱহাৰ কৰা হ'ব বিদ্যালয়লৈ অহা-যোৱা কৰাৰ সময়ত ছাত্র-ছাত্রীসকলে সহপাঠীসকলক একত্ৰিত কৰিবলৈ হুইছেল বজাব লাগিব।
এই পদক্ষেপটো 'উদ্যম' নামেৰে পৰিচিত। যি প্রকল্প অনুমোদন ব'ৰ্ডৰ অনুমোদন অনুসৰি গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ পাছতে শিক্ষক সমাজৰ মাজত উৎসাহ বৃদ্ধি পাইছে। অসমৰ বিভিন্ন জিলাত বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতিৰ সংখ্যা কম হোৱাৰ প্রত্যাহ্বানৰ মোকাবিলা কৰিবলৈ গ্ৰহণ কৰা এই হুইছেল ব্যৱস্থা এটা বিশেষ পদক্ষেপ। এই ক্ষেত্রত সমগ্র শিক্ষাই ইতিমধ্যে জাননী জাৰি কৰিছে।
ৰাজ্যৰ বিদ্যালয়সমূহত ছাত্র-ছাত্ৰীৰ উপস্থিতি বৃদ্ধি আৰু ড্ৰ'প আউটৰ হাৰ হ্ৰাস কৰাৰ বাবে সমগ্র শিক্ষা অভিযানে এই অভিনৱ হুইছেল অভিযান আৰম্ভ কৰিছে। এই পদক্ষেপৰ মূল লক্ষ্য হৈছে শিশুসকলক বিদ্যালয়লৈ অহাত উৎসাহিত কৰা। কোনো শিশুৱে যাতে শিক্ষাৰ পৰা বঞ্চিত নহয়। এনে হুইছেল বজোৱা পদ্ধতিয়ে শিশুসকলৰ মাজত দলীয় ভাৱনা বৃদ্ধি কৰিব আৰু সকলোকে একেলগে বিদ্যালয়লৈ যোৱাত উৎসাহিত কৰিব। কণ কণ শিক্ষার্থীয়ে হুইছেল বজাই বিদ্যালয়লৈ যাব লগা হোৱাত শিক্ষার্থীসকলে আনন্দ উপভোগ কৰিছে।