ডিজিটেল ডেস্ক: নলবাৰী জিলাৰ আল্লিয়া বনগাঁৱত নিশা এজন কুখ্যাত চোৰক আটক কৰে ৰাইজে। জলজীৱন মিছন আঁচনি পানীৰ পাইপ চুৰি কৰি থাকোঁতে হাতে লোটে আটক কৰে ।
ধৃত চোৰটো ক্ষুদ্ৰ চেনীকুছিৰ অৰূপ দাস। ধৃত অৰূপ দাসৰ লগত আহিছিল আৰু চাৰিজন চোৰ।
সেইকেইজন হ'ল ক্ষুদ্ৰ চেনীকুছিৰ ধ্ৰুৱ দাস , নলবাৰী দিঘেলীৰ মানস দাস, সাহপুৰৰ চন্দন আৰু নমাটিৰ হেমন্ত মালকাৰ।
জানিব পৰা মতে, আল্লিয়া বনগাঁৱৰ জলজীৱন আঁচনিৰ পানীৰ পাইপ পূৰ্বেও এইকেইগৰাকী চোৰে চুৰি কৰিছিল।
চুৰি কৰা পাইপসমূহ নমাটিৰ হেমন্ত মালকাৰৰ ওচৰত বিক্ৰী কৰে।
ইতিমধ্যে ঘটনাস্থলীত ঘগ্ৰাপাৰ আৰক্ষী থানাত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।
প্ৰাগ নিউজ ডিজিটেল