এন চি চিয়ে পুখুৰীৰ পাৰ পুতি সাজিব ৰেম্প, শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰী পুতিব খোজাৰ ভয়ংকৰ অভিযোগ

dainik janambhumi April 30, 2026

ডিজিটেল ডেস্ক : পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্রবিন্দু ঐতিহাসিক জয়সাগৰ পুখুৰীটো এটা পাৰৰ কিছু অংশ এন চি চিয়ে পুতি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ টাই আহোম ছাত্র সন্থা (বসন্তপন্থী) আৰু জাতীয় সংগ্ৰামী সেনাই। এই ঐতিহাসিক পুখুৰীটো পুতি নাও ৰাখিবলৈ ৰেম্প সাজিবলৈ এই মাটি জমা কৰিছে বুলি অভিযোগ তুলিছে সংগঠনদ্বয়ে। মঙলবাৰ সন্ধ্যা জাতীয় সংগ্রামী সেনা অসমৰ সদস্যই এন চি চি কর্তৃপক্ষৰ এই কু-কাণ্ড প্রত্যক্ষ কৰাৰ পাছতে সমগ্র ঘটনা পোহৰলৈ আহে। জাতীয় সংগ্রামী সেনাৰ সভাপতি চিতু বৰুৱাই ক্ষোভ প্রকাশ কৰি কয় যে জয়সাগৰ পুখুৰীটো প্ৰতিজন অসমীয়াৰ স্বাভিমান। মঙলবাৰে জাতীয় সংগ্রামী সেনাৰ সদস্যই পুখুৰীটোৰ পাৰত প্ৰায় পঞ্চাছ গাড়ী মাটি পেলাই থকা দেখা পালে। 

গম পোৱা গ'ল যে এন চি চিয়ে পুখুৰীটোৰ এটা পাৰ পুতি ৰেম্প বনাই নাও ৰখাৰ ব্যৱস্থা কৰিব। কোনো কাৰণতে জয়সাগৰ পুখুৰীটোৰ পাৰ পুতি পেলোৱাটো সমৰ্থন কৰিব নোৱাৰি, এয়া সহ্য কৰা নহ'ব। আমাৰ পিতৃপুৰুষে গঢ়ি থৈ যোৱা সম্পদৰ ওপৰত কোনোবাই যদি ধ্বংসলীলা চলায় প্রয়োজনত তেনে ব্যক্তিৰ হাত ভাঙি পেলোৱা হ'ব বুলি সকীয়নি প্রদান কৰে। আনহাতে, এন চি চি কর্তৃপক্ষ, লোকনির্মাণ বিভাগ আৰু ঠিকাদাৰৰ এই কাণ্ডক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে আটাছুৱে।
কালি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ এটা দল লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়া-কৰ্মচাৰীক প্ৰশ্ন কৰে। কোনো কাৰণত জয়মতী কুঁৱৰীৰ স্মৃতি বিজড়িত পুখুৰীটোৰ পাৰত নির্মাণ কার্য চলাবলৈ নিদিয়ে আটাছুৱে। পুখুৰী পাৰত পেলোৱা মাটিসমূহ তৎকালে উঠাই নিনিলে প্রতিবাদী কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ দিয়ে সংগঠনটোৱে। 

শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক পার্থ গগৈয়ে কয় যে জয়সাগৰ পুখুৰীত কোনো স্থায়ী কাম কৰিবলৈ আটাছুৱে নিদিয়ে। লোক নির্মাণ বিভাগ আৰু এন চি চিৰ নৌ বিভাগে ঐতিহাসিক পুখুৰীটোত যি ধ্বংসলীলা চলাই মৃত্যুৰ গৰাহলৈ ঠেলি দিব বিচাৰিছে এয়া কোনো কাৰণতে গ্রহণযোগ্য নহয়। যি সময়ত ঐতিহাসিক সম্পদৰ সংৰক্ষণ আৰু সৌন্দর্যবর্ধনৰ বাবে আটাছুৱে মাত মাতি আহিছে তেনে সময়ত এন চি চি আৰু লোকনির্মাণ নির্মাণ বিভাগৰ এনে কাৰ্য গৰিহণাৰ যোগ্য।

Share This