ডিজিটেল ডেস্ক : নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্র শ্বাহে দেওবাৰে দেশখনৰ সংসদত সম্বোধন কৰি ভাষণ দিয়ে। প্রধানমন্ত্রীৰূপে দায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কালি বালেন্দ্র শ্বাহে নেপালী সংসদত নিজৰ ভাষণ দিয়ে।
সংসদত ভাষণৰ সময়ত প্রধানমন্ত্রী শ্বাহে নেপালৰ বহু অভ্যন্তৰীণ সমস্যাৰ দিশত বক্তব্য আগবঢ়োৱাৰ লগতে দেশখনৰ বিদেশ নীতিৰ বিষয়তো আলোকপাত কৰে। প্ৰধানমন্ত্ৰী শ্বাহে এই বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে ভাৰতৰ সৈতে থকা সীমা সম্পৰ্কীয় বিবাদৰ সমাধান দ্বিপাক্ষিক আলোচনাৰ মাধ্যমেৰে মীমাংসা কৰা হ'ব।
বালেন্দ্ৰ শ্বাহে কয় যে প্রধানমন্ত্রী হোৱাৰ পাছত তেওঁ অৱগত হৈছে যে ভাৰতে নেপালৰ বহু অঞ্চল দখল কৰি আছে আৰু ঠিক সেইদৰে নেপালেও ভাৰতৰ বহু অঞ্চল দখল কৰি আছে। সেইবাবে দুয়োখন দেশৰ মাজত থকা বিবদমান সীমান্ত অঞ্চলৰ বিষয়ত থকা সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ'ব বুলি সংসদত প্রধানমন্ত্রী শ্বাহে কয়।