বিশিষ্ট চাহ উদ্যোগী, নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিলৈ 'টাইমছ বিজনেছ' বঁটা

dainik janambhumi May 03, 2026

ডিজিটেল ডেস্ক: দেশৰ অন্যতম বৃহৎ আৰু প্রতিষ্ঠিত সংবাদ গোষ্ঠী টাইমছ গ্ৰুপৰ (বেনেট ক'লমেন এণ্ড কোম্পানী লিমিটেড) দ্বাৰা গুৱাহাটীৰ পঞ্চ তাৰকা হোটেল তাজ ভিভান্টাত আয়োজন কৰা হয় 'টাইমছ বিজনেছ এৱাৰ্ড' শীর্ষক এক বিশেষ অনুষ্ঠানৰ। 

উক্ত অনুষ্ঠানত গোলাঘাটৰ সুসন্তান, বিশিষ্ট চাহ উদ্যোগপতি তথা অভিযন্তা আৰু নৰ্থ ইষ্টার্ন টী এছ'চিয়েশ্যন চমুকৈ নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিলৈ আগবঢ়োৱা হয় 'টাইমছ বিজনেছ' বঁটা। 

ভাৰতৰ চাহ উদ্যোগ খণ্ডলৈ অনবদ্য অৱদান আগবঢ়োৱা আৰু চাহ উদ্যোগখণ্ডৰ বিভিন্ন সমস্যাৰাজি সন্দৰ্ভত সজোৰে মাত মাতি নিজৰ বলিষ্ঠ নেতৃত্বৰ জৰিয়তে চাহ উদ্যোগটোক গতিশীলতা প্ৰদান কৰাৰ স্বীকৃতি স্বৰূপে বিদ্যানন্দ বৰকাকতিলৈ আগবঢ়োৱা হয় এই বিশেষ বঁটা। বলিউডৰ বিশিষ্ট অভিনেতা, 'বেড মেন' হিচাপে জনপ্রিয় খলনায়ক গুলছন গ্ৰ'ভাৰে বৰকাকতিক প্ৰদান কৰে 'টাইমছ বিজনেছ' বঁটা।

Share This