এইবাৰ চেম্পিয়ন হ'ব নেদাৰলেণ্ড

dainik janambhumi May 27, 2026

ডিজিটেল ডেস্ক : আমেৰিকা, মেক্সিকো আৰু কানাডাত ১২ জুনৰ পৰা আৰম্ভ হ'বলগীয়া ফিফা বিশ্বকাপত কোনে শেষ হাঁহি মাৰিব তাক লৈ বিশ্বৰ ফুটবল বিশেষজ্ঞসকল এতিয়া হিচাপ-নিকাচত ব্যস্ত হৈ আছে। সেই সময়তে জাৰ্মানীৰ অৰ্থনীতিবিদ জকিম ক্লেমেন্টে এই বুলি ভৱিষ্যদ্বাণী কৰিছে যে এইবাৰৰ বিশ্ব কাপত নেদাৰলেণ্ড চেম্পিয়ন হ'ব। ক্লেমেন্টে যোৱা ১২ বছৰত ফিফা বিশ্ব কাপক লৈ তিনিবাৰ ভবিষ্যদ্বাণী কৰিছিল আৰু তিনিওবাৰেই সত্য প্রমাণিত হৈছিল। সেয়েহে এইবাৰ তেওঁৰ ভৱিষ্যদ্বাণীয়ে অধিক গুৰুত্ব লাভ কৰিছে। ক্লেমেন্টে ২০১৪ চনত জার্মানী চেম্পিয়ন হ'ব বুলি ভৱিষ্যদ্বাণী কৰিছিল আৰু পাছত সেইটোৱেই হ'ল। 

একেদৰে তেওঁ ২০১৮ চনৰ বিশ্ব কাপত ফ্রান্স আৰু ২০২২ চনৰ বিশ্ব কাপত আর্জেন্টিনা চেম্পিয়ন হ'ব বুলি আগতেই ঘোষণা কৰিছিল আৰু তেওঁৰ এই ভৱিষ্যদ্বাণী আখৰে আখৰে ফলিয়ালে। তেওঁ কম্পিউটাৰ মডেলৰ ভিত্তিত এই ভৱিষ্যদ্বাণী কৰিছে। তেওঁ এইবাৰৰ বিশ্ব কাপৰ নক আউট পর্যায়ত কোনে কোনে খেলিব সেইটোও প্রকাশ কৰিছে। তেওঁৰ মতে, এইবাৰ বিশ্ব কাপৰ কোৱাৰ্টাৰ ফাইনেল খেলিব ক্রমে নেদাৰলেণ্ড বনাম ফ্রান্স, স্পেইন বনাম বেলজিয়াম, ইংলেণ্ড বনাম জাপান, পর্তুগাল বনাম আর্জেন্টিনাই। আনহাতে, ছেমি ফাইনেল খেলিব নেদাৰলেণ্ড আৰু স্পেইন তথা ইংলেণ্ড আৰু পর্তুগালে। তেওঁৰ মতে, নেদাৰলেণ্ড আৰু পর্তুগালে ফাইনেল খেলিব। 

নেদাৰলেণ্ডে প্ৰথমবাৰৰ বাবে বিশ্ব কাপ জয় কৰিব। উল্লেখযোগ্য যে বিশ্ব ফুটবললৈ কেইবাজনো মহান ফুটবলাৰ উপহাৰ দিয়া নেদাৰলেণ্ডে এতিয়ালৈকে তিনিবাৰ ফাইনেলত উপনীত হৈয়ো এবাৰো বিশ্ব কাপ জয় কৰিব পৰা নাই। দলটোৱে ১৯৭৪ চনৰ ফাইনেলত জাৰ্মানীৰ হাতত ২-১ গ'লত, ১৯৭৮ চনৰ ফাইনেলত আর্জেন্টিনাৰ হাতত ৩-১ গ'লত আৰু ২০১০ চনৰ বিশ্বকাপত স্পেইনৰ হাতত একমাত্ৰ গ'লৰ ব্যৱধানত পৰাজিত হয়।

Share This