১ এপ্ৰিলৰ পৰা ৰাজ্যত আৰম্ভ হ'ল নতুন শিক্ষা বর্ষ, শিক্ষার্থীয়ে আজিও নাপালে পাঠ্যপুথি

dainik janambhumi April 25, 2026

ডিজিটেল ডেস্ক: নতুন শিক্ষাবর্ষ আৰম্ভ হোৱাৰ এমাহ হ'বৰ হ'লহি। কিন্তু ৰাজ্যৰ শিক্ষা বিভাগে সময়মতে সম্পূর্ণ পাঠ্যপুথি এতিয়াও ছাত্র-ছাত্ৰীসকলক যোগান ধৰিব পৰা নাই। বিদ্যালয়সমূহত শিক্ষার্থীসকলে নিয়মীয়াকৈ শ্রেণীকোঠাত উপস্থিত হৈ পাঠগ্রহণ কৰি থাকিলেও, চৰকাৰৰ পৰা প্ৰদান কৰিবলগীয়া পাঠ্যপুথি এতিয়াও সম্পূর্ণ ৰূপে প্ৰদান নকৰাত বহু সংখ্যক বিদ্যালয়ত সমস্যাৰ সৃষ্টি হৈছে। বিশেষকৈ মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ গৰিষ্ঠসংখ্যকে আজি পর্যন্ত লাভ কৰা নাই বিভিন্ন বিষয়ৰ পাঠ্যপুথি। 

উল্লেখযোগ্য যে, পাঠ্যপুথিৰ নামত প্ৰতি বছৰে ৰাজ্য চৰকাৰখনে কোটি কোটি টকা ব্যয় কৰে। কিন্তু ইয়াৰ পাছতো ৰাজ্য শিক্ষা বিভাগে সময়মতে কিতাপৰ যোগান ধৰিব নোৱাৰে। ইফালে ৰাজ্যৰ শিক্ষা বিভাগে প্ৰতিগৰাকী শিক্ষার্থীয়ে যাতে এতিয়াৰে পৰাই সৰ্বভাৰতীয় পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সাজু হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিগৰ শিক্ষাবৰ্ষৰ পৰা তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্রেণী পর্যন্ত সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞানৰ পাঠ্যপুথিসমূহ মাতৃভাষাৰ লগতে ইংৰাজী ভাষাতো ছপা কৰিছিল। সেই অনুসাৰে বিগত বৰ্ষত অন্যান্য শ্ৰেণীৰ লগতে অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞানৰ পাঠ্যপুথিসমূহ মাতৃভাষাৰ লগতে ইংৰাজী ভাষাতো অধ্যয়ন কৰে। অষ্টম শ্রেণী পর্যন্ত এই ব্যৱস্থা চলিত শিক্ষাবৰ্ষতো অটুট আছে। কিন্তু এইবাৰ ইংৰাজী ভাষাৰ পাঠ্যপুথিক লৈ সমস্যাৰ সৃষ্টি হৈছে। চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ ইংৰাজী ভাষাৰ পাঠ্যপুথি ছপা কৰা নাই। 

ইফালে সমগ্র বিষয়টোক লৈ ক্ষুব্ধ হৈ পৰিছে সদৌ অসম ছাত্র সন্থা। কালি ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতাই ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ চৰকাৰক সকীয়াই দিয়ে। শিক্ষা বিভাগক চোকা ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে যদিহে চৰকাৰে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিব নোৱাৰে তেনেহ'লে ছাত্ৰ সন্থাই ৰাজ্যজুৰি প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰিবলৈ বাধ্য হ'ব।

Share This