ছবিগৃহত পূৰ্ণোদ্যমে চলিছে নতুন অসমীয়া ছবি  ‘ভাইমন দা’ 

Rashmi June 05, 2025

ডিজিটেল ডেস্ক : অসমীয়া ছবিজগতত আলোড়নৰ সৃষ্টি কৰি ছবিগৃহত সফল ৰূপত চলি আছে  ‘ভাইমন দা’ ছবিখন। মুক্তি লাভ কৰা দিনৰে পৰা প্ৰতিটো ছবিগৃহত অভূতপূৰ্ব ভিৰ পৰিলক্ষিত হৈছে। ২৩ মে'ত মুক্তি লাভ কৰা অসমীয়া ছবি ভাইমন দাই প্ৰতিদিনেই অৰ্জন কৰিছে জনপ্ৰিয়তা। ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে ছবিখনে মুক্তিলাভ কৰাৰ সমান্তৰালকৈ দিল্লী, মুম্বাই, বেংগালুৰু, হায়দৰাবাদ, চেন্নাই আদিকে ধৰি বহিঃৰাজ্যৰ কেইবাটাও ছবিগৃহত মুক্তিলাভ কৰিছে ছবিখনে।

মহীৰূহ পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ‘ভাইমন দা’ শীৰ্ষক নতুন অসমীয়া ছবিখনে বৰ্তমান সকলোকে বিশেষভাৱে আকৰ্ষণ কৰিছে। এতিয়া সকলোৰে মুখত কেৱল ‘ভাইমন দা’। প্ৰতিটো দৰ্শনীতে দৰ্শকৰ ব্যাপক সঁহাৰি লাভ‌ কৰিছে ‘ভাইমন দা’ ছবিখনে। মুনিন বৰুৱাৰ বাস্তৱ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনে দৰ্শকৰ মাজত এক সুকীয়া স্থান দখল কৰিছে। 

কেৱল এয়াই নহয় ছবিখন চোৱাৰ পিছত অসমবাসীয়ে মুনিন বৰুৱাৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছে। উল্লেখযোগ্য যে জীল ক্ৰিয়েশ্যনছৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ৷ লগতে ছবিখনত অভিনয় কৰিছে বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে।

Share This