ডিজিটেল ডেস্ক: অসমৰ সংগীত জগতত সংযোজিত হ'ল 'সময়' শীৰ্ষক এটি সুমধুৰ গীত। দৃশ্য শ্ৰাব্য সম্বলিত সময় নামৰ গীতটি সোমবাৰে উন্মোচন কৰে মাজুলী জিলা আয়ুক্ত ৰাতুল চন্দ্র পাঠকে ।
সন্ধ্যা সময়ত উন্মোচন কৰে গীতটি। মাজুলী জিলা আয়ুক্ত কাৰ্যালয়ৰ এগৰাকী বিষয়া ৰঞ্জন শইকীয়াই ৰচনা কৰা গীতটিত কন্ঠদান কৰে প্ৰিয়ানুজ বৈৰাগীয়ে।
গীতটিৰ কাহিনী আৰু পৰিচালনা সোণমণি গোৱালাৰ। গীতটিৰ সংগীত অনুৰাগ প্ৰীতম আৰু শব্দ সংমিশ্ৰণ ধ্ৰুৱ ঠাকুৰীয়াৰ।
গীতটিত ৰঞ্জন শইকীয়া, অনুৰাগ প্ৰীতম জুলীয়ান গগৈ, প্ৰিয়ানুজ বৈৰাগী আৰু আকাংক্ষাই অভিনয় কৰিছে ।
সময় গীতটিৰে জীপাল হ'ল জিলা আয়ুক্তৰ সভাগৃহ।