৮ মে'ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ

dainik janambhumi May 05, 2026

ডিজিটেল ডেস্ক : বিপুল ব্যৱধানত জয়ী হোৱাৰ পাছত বিজেপি নেতৃত্বাধীন এন ডি এই অহা ৮ মে'ত পুনৰ চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে। নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে জয়ী হোৱাৰ পাছত এতিয়া চৰকাৰ গঠনৰ আইনী আৰু ৰাজনৈতিক প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হৈছে। বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন কৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নতুন চৰকাৰ গঠনৰ বাবে এতিয়াৰ চৰকাৰে পদত্যাগ কৰা, এন ডি এই দলপতি নিৰ্বাচন কৰা আৰু ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ৰাজ্যপালক চৰকাৰ গঠনৰ প্ৰস্তাৱ দিবৰ বাবে যাৱতীয় প্রক্রিয়া আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰিছিল।

কিন্তু প্রাপ্ত তথ্য অনুসৰি কালি বিয়লি মুখ্যমন্ত্রী ড° শৰ্মাই বাসগৃহত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ সৈতে এক আলোচনাত মিলিত হয়। ৰাজ্যিক সভাপতি আৰু মহাধিবক্তাৰ সৈতে হোৱা এই বৈঠকত চৰকাৰ গঠনৰ যাৱতীয় আইনী দিশ আৰু শপতগ্ৰহণৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে।

এই বৈঠকতে নতুন চৰকাৰ গঠন কৰাৰ বাবে পদক্ষেপ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি অহা ৮ মে'ত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ নতুন চৰকাৰে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

Share This