ডিজিটেল ডেস্ক: মধ্যপ্ৰাচ্যৰ যুদ্ধই বিশ্বত ইন্ধনৰ সংকট সৃষ্টি কৰাৰ সময়তে ভাৰতত পানীৰ লগত সাত শতাংশ ইথানল মিহলাই ষ্ট'ভ জ্বলোৱাৰ এক প্ৰযুক্তিৰ বিকশিত কৰা হৈছে।
কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰিয়ে কালি ইয়াত ইথানলৰ সহায়ত জ্বলাব পৰা স্বদেশী ৰন্ধন ষ্ট'ভ প্রযুক্তি মুকলি কৰে। তেওঁ কয় যে স্বদেশী প্রযুক্তিকে বিকাশ কৰা এই ষ্ট'ভত ৰন্ধন গেছৰ ষ্ট'ভৰ তুলনাত কম খৰচত খাদ্য ৰান্ধিব পৰা যাব। তেওঁ কয় যে এই প্রযুক্তিত খাদ্য ৰন্ধাৰ বাবে উপযুক্ত জুইৰ শিখা উৎপন্ন কৰাৰ কাৰণে ইথানল আৰু পানীৰ মিশ্ৰণ ব্যৱহাৰ কৰা হয়। তেওঁ কয়, 'পানীত সাত শতাংশ ইথানল মিহলাই ষ্ট'ভত জুইৰ শিখা উৎপন্ন কৰিব পৰা যায় আৰু ই ৰন্ধন গেছতকৈ সস্তীয়া হ'ব। এই প্রযুক্তিৰ আমাৰ দেশত বিকশিত কৰা হৈছে।'
উল্লেখযোগ্য যে যদি এই প্ৰযুক্তিৰ সফলতাৰে বৃহৎ হাৰত ব্যৱহাৰ কৰিব পৰা যায় আৰু ইয়াৰ বাণিজ্যিকীকৰণ কৰিব পৰা যায়, তেতিয়া খাদ্য ৰন্ধাৰ বাবে পৰম্পৰাগত ৰন্ধন গেছৰ এক সস্তীয়া আৰু স্থানীয়ভাৱে বিকাশ কৰা বিকল্পৰ ৰূপ ল'ব পাৰে। গাডকাৰিয়ে অনুষ্ঠানটোত কয়, 'বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ হোৱাৰ সময়তে আমি শিশু আৰু যুৱ-প্ৰজন্মক বিজ্ঞানৰ প্ৰতি আকৃষ্ট কৰাৰ কাৰণে আমি ৪০ কোটি টকাৰ এক প্ৰকল্পৰ কাম কৰি আছোঁ।'