ভাৰতৰ মহাকাশ অভিযানৰ সফলতাক ইতিকিং কৰি পুনৰ চৰ্চালৈ নিউয়ৰ্ক টাইমছৰ কাৰ্টুন

Jyoti Borah August 25, 2023

ডিজিটেল ডেস্কঃ ভাৰতৰ মহাকাশযান চন্দ্ৰযান-৩য়ে  চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰাৰ বাবে সমগ্ৰ  দেশজুৰি আনন্দ-উল্লাস চলি থকাৰ মাজতে ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ বিষয়ে ছবছৰৰ আগতে নিউয়ৰ্ক টাইমছত প্ৰকাশিত এটা কাৰ্টুনে ছ’চিয়েল মিডিয়াত পুনৰ ভুমুকি মাৰে৷

 

 ২০১৪ চনত ভাৰতৰ মঙলযান অভিযানৰ সফলতাৰ পাছত কাকতখনে সেই কাৰ্টুনটো প্ৰকাশ কৰিছিল৷ কাৰ্টুনটোত ভাৰতীয়ৰ নিচিনাকৈ পোছাক পিন্ধা এজন লোকে গাই এজনীৰ সৈতে ‘এলিট স্পেচ ক্লাব’ৰ দুৱাৰত টুকুৰিওৱা দেখুওৱা হৈছিল৷ ক্লাবটোত পশ্চিমীয়া পোছাক পিন্ধা দুজন লোক বহি আছিল৷ কাৰ্টুনটো প্ৰকাশ হোৱাৰ পাছত ব্যাপক প্ৰতিবাদ হৈছিল৷ বহুতে প্ৰখ্যাত কাকতখনক বৰ্ণবাদী বুলি আৰু মহাকাশ অভিযানত ভাৰতৰ সফলতাক ইতিকিং কৰা বুলি অভিযুক্ত কৰিছিল আৰু কথা বিষম যেন দেখি নিউয়ৰ্ক টাইমছৰ সম্পাদকীয় পৃষ্ঠাৰ সম্পাদক এণ্ড্ৰু ৰ’জেনথালে ক্ষমা বিচাৰিছিল৷ কাৰ্টুনটো  আঁকিছিল ছিংগাপুৰৰ হেং কিম ছঙে৷

 

চন্দ্ৰযান-৩য়ে চন্দ্ৰত অৱতৰণ কৰাৰ লগে লগে টুইটাৰ ব্যৱহাৰকাৰীসকলে পুৰণা কাৰ্টুনটো বিচাৰি উলিয়ায় আৰু নিউয়ৰ্ক টাইমছৰ দৃষ্টিগোচৰ কৰে৷ তেওঁলোকৰ ভিতৰত এজন, ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা ৱাই সতীশ ৰেড্ডীয়ে কয়, ‘আপোনালোকে ইতিকিং কৰিছিল, আমাৰ সামৰ্থ্যৰ বিষয়ত প্ৰশ্ন তুলিছিল৷ আজি আমি আমাৰ সাফল্যৰে আপোনালোকৰ মুখ বন্ধ কৰিলোঁ! এতিয়া এটা নতুন কাৰ্টুন আঁকক ৷’ পুৰণা কাৰ্টুনটো শ্বেয়াৰ কৰি তেওঁ ‘এক্স’ত এই প’ষ্টটো কৰে৷

Share This