অসমীয়া দৈনিক কাকতে ৫৪ বছৰ অতিক্রম কৰাটো সহজ কথা নহয় : ড° সঞ্জীৱ নাৰায়ণ

dainik janambhumi June 02, 2026

ডিজিটেল ডেস্ক : অসমীয়া সংবাদ-পত্ৰৰ এক সুদীর্ঘ পৰিক্ৰমাৰ ইতিহাসত অনেক ঘাত-প্রতিঘাতৰ মাজেৰে জাতি আৰু সমাজৰ স্বাৰ্থত আপোচহীনভাৱে সংবাদ সেৱা আগবঢ়াই অহা ৰাজ্যখনৰ অন্যতম পুৰণি অসমীয়া দৈনিক বাতৰিকাকত 'দৈনিক জনমভূমি'য়ে কালি গৌৰৱময় ৫৫ বছৰত খোজ দিলে। 'জাতিৰ আৱেগ, সমাজৰ বিৱেক' হিচাপে সমাজৰ আশা-আকাংক্ষা, জাতীয় স্বার্থ আৰু সত্যনিষ্ঠ খবৰ জনসাধাৰণৰ মাজলৈ নিয়াৰ ক্ষেত্ৰত সদায় দায়বদ্ধতাৰে কাম কৰি অহা 'দৈনিক জনমভূমি'ৰ ১৯৭২ চনৰ ১ জুনত যোৰহাটৰ পৰা প্ৰকাশ আৰম্ভ হৈছিল। কালি গুৱাহাটীৰ উলুবাৰীস্থিত প্ৰাগ টাৱাৰৰ কাৰ্যালয়ত কে'ক কাটি কাকতখনৰ জন্মদিন উদযাপন কৰা হয়। 

জন্মদিন উদযাপন অনুষ্ঠানত উপস্থিত থাকি জনমভূমি তথা প্রাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণে কয়, 'এখন দৈনিক কাকতে ৫৪ বছৰ অতিক্ৰম কৰাটো সহজ কথা নহয়। বহু ঘাত-প্রতিঘাত পাৰ হৈ দৈনিক জনমভূমিয়ে আজিৰ পৰ্যায় পাইছেহি।' কাকতখনক এইদৰে আদৰি লৈ মৰম কৰাৰ বাবে তেওঁ ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰুৱে কয়, 'জনমভূমি গ্ৰুপৰ এটা ঐতিহ্য আছে। এখন দৈনিক অসমীয়া কাকতৰ ৫৫ বছৰীয়া যাত্ৰাটো বৰ সহজ নহয়। বৰ্তমানৰ প্ৰতিকূল পৰিস্থিতিত এখন বাতৰিকাকত চলাই নিয়াটো এটা ডাঙৰ প্ৰত্যাহ্বান। কিন্তু আমি সুখী হোৱা কথা এইটোৱেই যে অতি প্রতিকূল পৰিস্থিতিত ড° সঞ্জীৱ নাৰায়ণে কাকতখন নিজৰ কৰি চলাই নিয়াৰ সিদ্ধান্ত ল'লে আৰু কাকতখন জীয়াই ৰাখিব পাৰিম বুলি দেখুৱাই দিছে।' আনহাতে, তেওঁ বর্তমান পূজা, বিহুত আলোচনী প্রকাশ কৰা প্ৰতিষ্ঠান নোহোৱাৰ দৰে হৈ পৰাৰ অৱস্থাৰ পাছতো 'দৈনিক জনমভূমি'য়ে পূজাই, বিহুৱে আলোচনী উলিয়াই থাকিব পৰাটো গৌৰৱৰ কথা বুলি উল্লেখ কৰি কাকতখনৰ পাঠক, গ্রাহক, এজেন্ট আৰু বিজ্ঞাপনদাতাসকললৈও তেওঁলোকে দেখুওৱা সঁহাৰিৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে। 

অনুষ্ঠানত 'দৈনিক জনমভূমি'ৰ মুখ্য সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কয়, 'দৈনিক জনমভূমিয়ে অসমৰ দৈনিক বাতৰিকাকতৰ ইতিহাসত একপ্ৰকাৰ অভিলেখেই ৰচনা কৰিছে। ৫৪ বছৰ অতিক্ৰম কৰিবলৈ যাওঁতে কাকতখনে বহুতো প্রতিকূল পৰিস্থিতিৰ সম্মুখীন হ'বলগীয়া হৈছে। জাতিৰ সংকটৰ কালত এই কাকতখনে সদায় ৰাইজৰ পক্ষত থাকি সাহসী সিদ্ধান্ত লৈ আহিছে আৰু এই ধাৰা অব্যাহত আছে।' তেওঁ লগতে আজি জনমভূমি কেৱল চলি থকা নাই, সগৌৰৱে চলি আছে বুলি উল্লেখ কৰি জনসাধাৰণৰ কাকতখনৰ প্ৰতি যি অভূতপূৰ্ব মৰম আছে, এই মৰমবোৰ লৈয়েই আমি ভবিষ্যতেও আগবাঢ়ি যাম বুলি মন্তব্য কৰে। 

উল্লেখযোগ্য যে জন্মদিন উদ্যাপন অনুষ্ঠানত প্রাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিত ভূঞা, জনমভূমিৰ প্ৰকাশক চন্দ্ৰশেখৰ শৰ্মা, প্ৰাগ নিউজৰ যুটীয়া সম্পাদক প্রাঞ্জল ফুকনসহ জনমভূমি গোষ্ঠীৰ কৰ্মচাৰীসকল উপস্থিত থাকে।

Share This