ডিজিটেল ডেস্ক : ব্রাজিলৰ ছুপাৰ ষ্টাৰ নেইমাৰে সোমবাৰে নিজৰ খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। তেওঁৰ দল ছেণ্টোছ ব্রাজিলিয়ান ছেৰি-এৰ এখন মেচত ভাস্কো ডা গামাৰ হাতত অতি শোচনীয়ভাৱে ৬-০ গ'লৰ ব্যৱধানত পৰাজিত হয়। এই পৰাজয়ৰ গ্লানি সহিব নোৱাৰি নেইমাৰে খেলপথাৰতে উচুপি উচুপি কান্দিবলৈ ধৰে। ভাস্কো ডা গামাই দ্বিতীয়ার্ধত মুঠ ছটা গ'লৰ পাঁচটা দিয়ে। খেল শেষ হোৱাৰ পাছত নেইমাৰক কান্দি থকা অৱস্থাত দেখা পোৱা গৈছিল।
ইফালে দেওবাৰৰ জয়েৰে ষষ্ঠদশ স্থানত থকা ভাস্কো ডা গামাৰ পইন্ট ১৯ হয়গৈ আৰু ছেণ্টোছতকৈ মাত্র দুটা পইন্ট পিছপৰি আছে। মেচখনত প্রথমটো গ'ল দিয়ে লুকাছ পিটোনে। ইয়াৰ পাছত কাটিনহোৱে দুটা, ডেভিজ কৰেয়ে ডি ফনছেকা, কেয়ান আৰু ডেনিলো নেভেছে এটাকৈ গ'ল দিয়ে।
নেইমাৰ ড্ৰেছিং ৰূমলৈ উভতি যোৱাৰ সময়ত সহযোগী ষ্টাফৰ এজন সদস্য আৰু ভাস্কো ডা গামাৰ মুখ্য প্রশিক্ষক ফার্নাণ্ডো ডিনিজে সান্ত্বনা দিয়ে। ইফালে মেচখনত ছেণ্টোছৰ শোচনীয় পৰাজয়ত দর্শকসকলে খেলপথাৰলৈ পিঠি দি প্রতিবাদ কৰে। আনহাতে এই অপমানজনক পৰাজয়ৰ পাছত ছেণ্টোছৰ মুখ্য প্রশিক্ষক ক্লেবাৰ জেভিয়াৰক বৰ্খাস্ত কৰা হয়।