তিনি বছৰৰ পাছত প্ৰত্যাৱৰ্তন, ব্রাজিলৰ বিশ্ব কাপ দলত নেইমাৰ

dainik janambhumi May 20, 2026

ডিজিটেল ডেস্ক: সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই বিশ্ব কাপ ফুটবলগামী ব্রাজিলৰ দলত স্থান লাভ কৰিলে নেইমাৰে। নিজকে প্ৰমাণ কৰি তাৰকা ফুটবলাৰগৰাকীয়ে তিনি বছৰৰ পাছত পুনৰ ব্রাজিলৰ জাৰ্ছীৰে ফুটবলৰ। মহাৰণখনত নামিব। সোমবাৰে নিশা আসন্ন বিশ্ব কাপৰ বাবে ঘোষিত দলত স্থান পালে নেইমাৰে। যোৱা ৩ বছৰ ধৰি তেওঁ ব্রাজিলৰ ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ সুযোগ পোৱা নাছিল।

২০২৩ চনত উৰুগুৱেৰ বিৰুদ্ধে বিশ্ব কাপ ফুটবলৰ কোৱালিফায়িং পর্বত খেলি থকাৰ সময়তে আঁঠুত আঘাত পাইছিল ব্রাজিলিয়ান তাৰকাগৰাকীয়ে। ইয়াৰ পাছত তেওঁ ব্রাজিলৰ দলৰ পৰা আঁতৰি আছিল। দীর্ঘদিন ধৰি তেওঁ আঘাতৰে যুঁজিবলগীয়া হৈছিল। ইয়াৰ মাজতে ছাণ্টোছৰ হৈ ফর্মলৈ উভতি অহাৰ ইংগিত দিছিল। এই ছিজনত ১৩খন মেচ খেলি ছটা গ'ল দিয়াৰ লগতে দলৰ তিনিটা গ'লত সহযোগিতা আগবঢ়াই ছিল নেই মাৰে। 

ছাণ্টোছৰ অন্তিম খেলখনতো তেওঁ গ'লৰ মুখ দেখিছিল। দল ঘোষণাৰ পাছত ব্রাজিলৰ প্ৰশিক্ষক কার্লো এন্সেলোটিয়ে কয়, 'নেইমাৰৰ শাৰীৰিক অৱস্থা বহুখিনি উন্নত হৈছে। দলৰ বাবে তেওঁ অত্যন্ত গুৰুত্বপূৰ্ণ খেলুৱৈ।'

Share This