ৰাজ্য সভাৰ সাংসদ হিচাপে শপত ল'লে নীতিশ কুমাৰে

dainik janambhumi April 11, 2026

ডিজিটেল ডেস্ক : বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে শুকুৰবাৰে ৰাজ্য সভাৰ সাংসদ হিচাপে শপতগ্ৰহণ কৰে। ৰাজ্য সভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণণে তেওঁৰ কক্ষত অনুষ্ঠিত এটা অনুষ্ঠানত কুমাৰক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত বিহাৰৰ উপ-মুখ্যমন্ত্রী বিজয় কুমাৰ সিন্‌হা, সম্রাট চৌধুৰী, বিজেপিৰ জ্যেষ্ঠ নেতা জে পি নড্ডা, কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

নীতিশ কুমাৰে ৰাজ্য সভাৰ সাংসদ হিচাপে শপত লোৱাৰ পাছতে শীঘ্রেই বিহাৰৰ মুখ্যমন্ত্ৰীৰ আসনখন খালী হোৱাটো নিশ্চিত হৈ পৰিল। বৃহস্পতিবাৰে কুমাৰ নতুন দিল্লীত উপস্থিত হোৱাৰ পাছতে দুই-এদিনতে বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ ইংগিত দিছিল। 

তথ্য অনুসৰি ১৪ এপ্ৰিলৰ ভিতৰত এন ডি এই বিহাৰৰ নতুন মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব। উল্লেখযোগ্য যে ৰাজ্যখনৰ বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা সম্রাট চৌধুৰীয়েই মুখ্যমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইফালে, জ্যেষ্ঠ সাংবাদিক তথা ৰাজনীতিক হৰিবংশ নাৰায়ণ সিঙক ৰাষ্ট্ৰপতিয়ে পুনৰ ৰাজ্যসভালৈ মনোনীতি কৰে।

Share This