এখনো চুক্তি স্বাক্ষৰিত নহ'ল আমেৰিকা-চীনৰ দ্বিপাক্ষিক বৈঠকত

dainik janambhumi May 16, 2026

ডিজিটেল ডেস্ক : চীনা ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে শেহতীয়াকৈ বেইজিঙত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক বৈঠকক শুকুৰবাৰে 'ঐতিহাসিক' আখ্যা দিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁৰ এটা প্রতিনিধি দলৰ সৈতে কৰা তিনিদিনীয়া চীন ভ্ৰমণৰ শুকুৰবাৰে অন্ত পৰে। বিশ্বৰ দুয়োজন শক্তিধৰ নেতাই তেওঁলোকৰ দ্বিপাক্ষিক বৈঠকক ঐতিহাসিক আৰু অভূতপূর্ব আখ্যা দিলেও কিন্তু আমেৰিকা আৰু চীনৰ মাজত কোনো এটা সৰ্বসম্মত বিষয়ত এখনো চুক্তি স্বাক্ষৰ নহ'ল। 

দুয়োজন নেতাৰ মাজত গোলকীয় সাম্প্রতিক সমস্যাৰ বিষয়ত কেইবালানি আলোচনা হৈছিল। বেইজিঙত শীর্ষ চীনা নেতাসকলে বাস কৰা সুৰক্ষিত স্থান ঝাংনানহাইত ব্যক্তিগত বৈঠকত মিলিত হয় ট্রাম্প আৰু জিনপিং। ইৰান যুদ্ধৰ বিষয়ত, দুয়োখন দেশৰ বাণিজ্য সম্পৰ্কৰ বিষয়ত কেইবালানি আলোচনা হয়। কিন্তু কোনো গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ নহ'ল। 

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে কেৱল কয় যে হৰমুজ প্রণালী মুকলি কৰাৰ ক্ষেত্রত চীনে আগ্রহ প্রকাশ কৰিছে। ট্রাম্পে এই চীন ভ্রমণক অতি সফল আৰু পাহৰিব নোৱাৰা অভিজ্ঞতা বুলি আখ্যা দিয়ে। ৰাষ্ট্ৰপতি জিনপিঙক পুৰণি বন্ধু বুলি আখ্যা দি ট্রাম্পে কয় যে চীনা ৰাষ্ট্ৰপতিজনৰে তেওঁ গভীৰ যোগাযোগ ৰক্ষা কৰি চলিব।

Share This