ৰোহিত-কোহলীৰ দৰে ছেমছনৰ বিকল্প নাই, ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগ

dainik janambhumi March 20, 2026

ডিজিটেল ডেস্ক : ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ মতে, সঞ্জু ছেমছন চেন্নাই ছুপাৰ কিংছলৈ যোৱাৰ ফলত যি শূন্যতাৰ সৃষ্টি হৈছে, সেয়া পূৰ কৰা সম্ভৱ নহয়। কাৰণ ভাৰতীয় দলত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে কিংবদন্তিৰ বিকল্প বিচাৰি উলিওৱা যিদৰে অসম্ভৱ তেনেদৰেই টি-২০ বিশ্ব কাপৰ নায়ক ছেমছনৰ শূন্য স্থানো পূৰ কৰা সম্ভৱ নহয়। 

২০২১ চনৰ পৰা ২০২৫ চনলৈ ৰাজস্থান ৰয়েলছক নেতৃত্ব দিয়া ছেমছনে চেন্নাই ছুপাৰ কিংছলৈ যোৱাৰ বিপৰীতে ৰবীন্দ্র জাদেজাই ৰিয়ানৰ দলত যোগ দিলে। 

ৰিয়ানে এক সংবাদমেলত কয়, 'আপুনি যদি সঞ্জু ভাইৰ কথা কয়, তেওঁ যি ধৰণৰ খেলুৱৈ, তেওঁৰ বিকল্প খেলুৱৈৰ কথা আমি কেতিয়াও ভবাই নাছিলোঁ। দুটা পৰ্যায়ত ১১ বছৰ ধৰি ৰাজস্থানক প্রতিনিধিত্ব কৰা ছেমছন দলৰ সবাতোকৈ সফল অধিনায়ক আৰু আগশাৰীৰ ৰান সংগ্ৰহকাৰী আছিল। তেওঁৰ নেতৃত্বতে ৰাজস্থানে ২০২২ চনত ফাইনেল আৰু ২০২৪ চনত প্লে' অফলৈ আগবাঢ়িছিল।

Share This