ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ ভাৰতত বৃদ্ধি পাইছে ৰন্ধন গেছৰ দাম। দেশৰ ঠায়ে-ঠায়ে ৰন্ধন গেছৰ নাটনিও পৰিলক্ষিত হৈছে। এই ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে অসমবাসীও।
অসমতো ৰন্ধন গেছৰ নাটনি হ'ব পাৰে নেকি? এই সন্দৰ্ভত ৰাজ্যবাসীক আশ্বস্ত কৰি কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, 'সমগ্র বিষয়টো মই আলোচনা কৰি আছোঁ। অসমত ঘৰুৱা ৰন্ধন গেছৰ নাটনি নহয়।' আনহাতে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত শক্তি সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ পদক্ষেপ লোৱাৰ কথা অৱগত কৰি তেওঁ লগতে কয়, 'ভাৰতে ৪০খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ ব্যৱস্থা কৰিছে। আনকি ৰাছিয়াৰ পৰাও গেছ তেল অনা হৈছে। মই নাভাবোঁ কিবা সংকট হ'ব বুলি।'
ড° শৰ্মাৰ মতে, কভিড মহামাৰীৰ কঠিন সময়ত দেশজুৰি অক্সিজেনৰ চাহিদা হঠাৎ বৃদ্ধি পাইছিল। সেই সময়তো কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লৈ সকলোকে অক্সিজেন যোগান ধৰিবলৈ সক্ষম হৈছিল। একে ধৰণৰ দূৰদৰ্শী নীতি আৰু ব্যৱস্থাপনাৰ ফলতেই এতিয়া দেশত গেছৰ যোগানৰ ক্ষেত্ৰতো সমস্যা নহ'ব। মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য- 'প্রধানমন্ত্রীয়ে কভিডৰ সময়ত সকলোকে অক্সিজেন দিছিল, এতিয়া প্রধানমন্ত্রী মোদীয়ে সকলোকে এল পি জিও দিবলৈ সক্ষম হ'ব।'
ইফালে, কেন্দ্ৰীয় চৰকাৰে শক্তি খণ্ডত বিকল্প উৎস আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰাৰ দিশত কাম কৰি থকাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে নাগৰিকসকলক উৰাবাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনাই কয় যে চৰকাৰ সদায় জনসাধাৰণৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ যোগান নিশ্চিত কৰিবলৈ প্রতিশ্রুতিবদ্ধ।