মেট্ৰিক পৰীক্ষাৰ ফলাফলেৰে পুনৰ উজলিল নুনমাটিৰ অসম জাতীয় বিদ্যালয়

Rashmi April 10, 2026

ডিজিটেল ডেস্ক: আজি ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। শিক্ষাৰ গুণগত মান পূৰ্বৰ দৰেই অক্ষুণ্ণ ৰাখিলে গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ে।

এইবাৰ অসম জাতীয় বিদ্যালয়ৰ মুঠ ১২৩ গৰাকী পৰীক্ষাৰ্থী মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ।

ডিষ্টিংশ্যন লাভ কৰিছে ৩৬ গৰাকীয়ে। ষ্টাৰ মাৰ্ক লাভ কৰিছে ৩৬ গৰাকীয়ে। 

তাৰে প্ৰথম বিভাগত ১১৮ গৰাকী  আৰু দ্বিতীয় বিভাগত পাঁচগৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।

উল্লেখ্য যে, বিদ্যালয়খনৰ আঠগৰাকী পৰীক্ষাৰ্থীয়ে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে অসমীয়াত তিনি গৰাকী, গণিতত চাৰিগৰাকী আৰু সংগীতত এজন পৰীক্ষাৰ্থীয়ে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়৷ 

উল্লেখ্য যে উত্তীৰ্ণৰ হাৰ অনুযায়ী শীৰ্ষ তিনিটা স্থানত থকা জিলাকেইখন-

ডিমা হাছাও: ৮৮.২৩%
শিৱসাগৰ: ৮৪.০৮%
ডিব্ৰুগড়: ৭৮.৪৬%

২০২৬ত মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ৬৫.৬২%

ডিষ্টিংশ্যন: ৩,৯৮৩
ষ্টাৰ: ১৩,৬৮১
লেটাৰ মাৰ্ক: ৯৯,০৬২ 
প্ৰথম বিভাগ: ৮৫,১৮৯ 
দ্বিতীয় বিভাগ: ১,৫০,১৬৭ 
তৃতীয় বিভাগ: ৪৬,৩৪৫





উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This