ডুৰাণ্ড কাপত ছেমি ফাইনেলত নর্থ ইষ্ট ইউনাইটেড শ্বিলং লাজং

dainik janambhumi August 17, 2025

ডিজিটেল ডেস্ক : যোৱাবাৰৰ চেম্পিয়ন নর্থ ইষ্ট ইউনাইটেড এফ চি আৰু শ্বিলং লাজং এফ চিয়ে ভাৰতীয় সেনাই আয়োজন কৰা ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। শনিবাৰে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত নিশা অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ গুৱাহাটীৰ দলটোৱে ৪-০ গ'লৰ ব্যৱধানত বড়োলেও এফ চিক পৰাস্ত কৰে। ছেমি ফাইনেলত নর্থ ইষ্ট ইউনাইটেড শ্বিলং লাজং এফ চিৰ মুখামুখি হ'ব। 

উল্লেখযোগ্য যে বড়োলেণ্ড এফ চি প্রতিযোগিতাখনত খেলা অসমৰ প্ৰথম ক্লাবৰূপে আছিল আৰু ক্লাবটোরে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস সৃষ্টি কৰে। খেলৰ ২৯ মিনিটত আলাদিন আজাৰায়ে জিতিনৰ পৰা বল লাভ কৰি দলৰ হৈ প্ৰথমটো গ'ল কৰে। উল্লেখ্য যে এয়া মৰক্কোৰ ষ্ট্ৰাইকাৰগৰাকীৰ এইবাৰৰ প্ৰতিযোগিতাৰ ব্যক্তিগত ষষ্ঠটো গ'ল। দ্বিতীয়ার্ধত বড়োলেও এফ চিয়ে গ'ল কৰাৰ চেষ্টাৰে আক্ৰমণত গুৰুত্ব দিয়ে যদিও দলৰ এই কৌশলে ৰক্ষণ বিভাগ দুর্বল কৰি তোলে। ইয়াৰ সুযোগ লৈ নৰ্থ ইষ্ট ইউনাইটেডে আৰু তিনিটা গ'ল দিয়ে। খেলৰ ৫৩ মিনিটত এণ্ডিয়ে ব্যৱধান ২-০ কৰাৰ পাছত আজাৰায়ে ৬১ মিনিটত দ্বিতীয়টো গ'ল কৰে। আলাদিনৰ এয়া ব্যক্তিগত ৩৫সংখ্যক মেচত ৩৪ নম্বৰ গ'ল। ইফালে, ইনজুৰি টাইমত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ চতুৰ্থটো গ'ল কৰে অসম সন্তান পার্থিৱ গগৈয়ে (৯২ মিনিট)।

 ইফালে প্রতিযোগিতাৰ শনিবাৰে শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত শ্বিলং লাজং এফ চিয়ে ২-১ গ'লত পৰাস্ত কৰে ভাৰতীয় নৌ সেনাৰ ফুটবল দলক। খেলৰ ৬৯ মিনিটলৈ লাজং এগ'লত পিছ পৰি আছিল যদিও দহ মিনিটৰ ভিতৰত দুটা গ'ল কৰি তৃতীয়বাৰ প্রতিযোগিতাখনৰ ছেমি ফাইনেল খেলাৰ যোগ্যতা অর্জন কৰে। প্রতিযোগিতাৰ কাইলৈ জামছেদপুৰৰ জে আৰ ডি ক্রীড়া প্রকল্পত আবেলি চাৰি বজাত হ'ব লগা তৃতীয় কোৱাৰ্টাৰ ফাইনেলত জামছেদপুৰ এফ চি মুখামুখি হ'ব ডাইমণ্ড হাৰবাৰ এফ চিৰ। আনহাতে, নিশা সাত বজাত কলকাতা ডার্বিত বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত মোহনবাগান ছুপাৰ জায়েন্ট আৰু ইষ্ট বেংগল এফ চিয়ে অন্তিমখন কোৱাৰ্টাৰ ফাইনেল খেলিব।

Share This