ডিজিটেল ডেস্ক: পুনৰ বহিঃৰাজ্যত বর্ণ বৈষম্যৰ বলি হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীৰ দল। এইবাৰ এই ঘটনা ঘটিল বিহাৰৰ ৰাজধানী পাটনাত। ৰাজধানী মহানগৰখনত বৃহস্পতিবাৰে এটা সাংস্কৃতিক অনুষ্ঠানত ভাগ ল'বলৈ যোৱা অৰুণাচল প্ৰদেশৰ এটা মহিলা নৃত্য দল নিজ দেশতেই বৈষম্যৰ বলি হ'ল।
পাটনাৰ এখন হস্পিটেলত প্ৰস্ৰাৱগাৰ ব্যৱহাৰৰ অনুমতি বিচৰাৰ সময়তে চিকিৎসালয়খনৰ কৰ্মচাৰীয়ে দলটোৰ সদস্যসকলক 'চাইনিজ', চিংকি, 'মম' আদি নামেৰে ইতিকিং কৰাৰ লগতে ভাৰতীয় হিচাপে থকা তেওঁলোকৰ পৰিচয়-পত্র দিলেহে প্রস্রাৱগাৰ ব্যৱহাৰৰ অনুমতি দিয়া হ'ব বুলি কয়। অৱশেষত নিজ দেশতেই অৰুণাচলৰ নৃত্য দলটোৱে ভাৰতীয় বুলি পৰিচয় দিব লগা হয়। সমগ্র ঘটনাটো এগৰাকী লোকে ম'বাইল ফ'নত ভিডিঅ' কৰি ৰাখিছিল আৰু ই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশজুৰি প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অৰুণাচল প্রদেশ আৰু নগালেণ্ডত ইতিমধ্যে এই ঘটনাৰ বিৰুদ্ধে প্রতিবাদী জনতা ওলাই আহিছে। দুয়োখন ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীয় ৰাইজে ঘটনাটোৰ তদন্ত কৰি দোষীক কঠোৰ শান্তি বিহাৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডু আৰু বিহাৰ আৰক্ষীৰ সঞ্চালক প্রধানক দাবী জনাইছে। উল্লেখযোগ্য যে যোৱা বছৰ ডিচেম্বৰত ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ ডেৰাডুনত বৰ্ণ বৈষম্যৰ বলি হৈ মৃত্যু হৈছিল।