কুখ্যাত চাইবাৰ অপৰাধী শ্বাহজামাল হকক হাউলীত গ্ৰেপ্তাৰ; নগদ ৪ লাখ টকাসহ অন্যান্য সামগ্ৰী জব্দ

Rashmi March 16, 2026

ডিজিটেল ডেস্ক: বৰপেটাৰোডৰ হাউলীত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ। 

হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰঠাকুৰৰ নেতৃত্বত অভিযান চলাই চাইবাৰ অপৰাধীটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । 

ধৃত চাইবাৰ অপৰাধীটো বৰপেটাৰ কুমল্লীপাৰা গাঁৱৰ শ্বাহজামাল হক  |

ছাহজামাল হকৰ পৰা নগদ ৪ লাখ টকা, ৪খন এ টি এম, ৬টা বেংকৰ পাছবুক আৰু ৪টা ম'বাইল ফ'ন জব্দ কৰে আৰক্ষীয়ে। 

আৰক্ষীয়ে AS 01FV 6418 নম্বৰৰ এখন চাৰিচকীয়া মাৰুতি ছুইফট বাহন জব্দ কৰিছে। 

ধৃত ছাইবাৰ অপৰাধীটোৱে বিভিন্নজন লোকৰ বেংক একাউন্টৰ পৰা কৌশলেৰে জমা ধন উলিয়াই নিছিল। 

এই সংক্ৰান্তত বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ খবৰৰ ভিত্তিত হাউলী আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত ছাহজামাল হকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 

ধৃত চাইবাৰ অপৰাধীটোক আজি আদালতত হাজিৰ কৰাৰ সম্ভাৱনা আছে।






প্ৰাগ নিউজ ডিজিটেল

Share This