অইল গ্রীন এনার্জি লিঃ, নুমলীগড় শোধনাগাৰৰ চুক্তি

dainik janambhumi April 22, 2026

ডিজিটেল ডেস্ক: অইল ইণ্ডিয়া লিমিটেডৰ এক সম্পূর্ণ মালিকানাধীন সহায়ক প্রতিষ্ঠান অইল গ্রীন এনার্জি লিমিটেড আৰু নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ মাজত এক চুক্তি স্বাক্ষৰ হয়।

পুনর্নবীকৰণযোগ্য শক্তিৰ বিকাশ, ক্ৰয় আৰু যোগানৰ ক্ষেত্ৰত সহযোগিতা স্থাপনৰ উদ্দেশ্যে সোমবাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি গ্ৰুপ কেপ্টিভ প্রয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। উক্ত বুজাবুজিৰ চুক্তিখনত স্বাক্ষৰ প্ৰদান কৰে অ' জি ই এলৰ মহা প্ৰবন্ধক ৰাজীৱ কুমাৰ তামুলী আৰু এন আৰ এলৰ মহা প্ৰবন্ধক (প্রযুক্তি সেৱা) ৰূপম কুমাৰ শৰ্মাই। 

উক্ত অনুষ্ঠানত উপস্থিত থাকে অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক তথা এন আৰ এলৰ অধ্যক্ষ, এন আৰ এলৰ পৰিচালন সঞ্চালক, অইল আৰু এন আৰ এলৰ সঞ্চালকসকল, অ' জি ই এলৰ মুখ্য কাৰ্যবাহী সঞ্চালক আৰু লগতে দুয়োটা প্রতিষ্ঠানৰ জ্যেষ্ঠ বিষয়াসকল। এই পদক্ষেপে দলীয় প্রতিষ্ঠানসমূহৰ কেপ্টিভ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ উপৰি নৱীকৰণযোগ্য শক্তিক কার্যকলাপসমূহত সংযোজন কৰাৰ দিশত অইল আৰু অ' জি ই এলৰ কৌশলগত প্রতিশ্রুতিত এক উল্লেখযোগ্য মাইলষ্টন হিচাপে চিহ্নিত হৈছে। এই সহযোগিতাই অ' জি ই এলৰ পুনৰ্নৰীকৰণযোগ্য শক্তিৰ পর্টফলিঅ'ত বৈচিত্র্য অনাৰ লগতে ইয়াৰ বিস্তাৰ সাধন কৰিব। 

লগতে ২০৪০ চনৰ ভিতৰত অইল ইণ্ডিয়া লিমিটেডৰ নেট জিৰ' লক্ষ্যপ্ৰাপ্তিত আৰু ২০৭০ চনৰ ভিতৰত ভাৰত চৰকাৰৰ নেট জিৰ' নিৰ্গমন লাভ কৰাৰ লক্ষ্যত উপনীত হোৱাত অৱদান আগবঢ়াব বুলি প্রতিষ্ঠান দুটাই আশা প্রকাশ কৰিছে।

Share This