ডিজিটেল ডেস্ক: দেশৰ ৰাজহুৱা খণ্ডৰ মহাৰত্ন প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে লাভ কৰিছে অইল এণ্ড গেছ প্রডাকশ্যন অব্ দ্য ইয়েৰ বঁটা। ভাৰতৰ শক্তি খণ্ডলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদান আৰু উৎকৃষ্ট প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে এফ আই পি আই বঁটা ২০২৫ লাভ কৰে প্ৰতিষ্ঠানটোৱে। এই সন্মান অইললৈ 'অইল এণ্ড গেছ প্রডাকশ্যন কোম্পানী অব্ দ্য ইয়েৰ' (১ এম টি অ'ই-তকৈ অধিক) শ্ৰেণীত প্ৰদান কৰা হৈছে।
ফেডাৰেশ্যন অব ইণ্ডিয়ান পেট্রলিয়াম ইণ্ডাষ্ট্রী (এফ আই পি আই)ৰ উদ্যোগত গোৱাত আয়োজিত ইণ্ডিয়া এনার্জী উইকৰ এক অনুষ্ঠানত পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী আৰু পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ সচিব তথা আই এ এছ ড° নীৰজ মিটালে উক্ত বঁটাটি প্রদান কৰে ।
অইলৰ হৈ বঁটা গ্ৰহণ কৰে অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড° ৰঞ্জিত ৰথে। অনুষ্ঠানত অইলৰ বিত্ত সঞ্চালক অভিজিত মজুমদাৰ আৰু অপাৰেশ্যন্ সঞ্চালক ত্রৈলোক্য বৰগোহাঁই উপস্থিত থাকে।
উল্লেখ্যযোগ্য যে কেন্দ্রীভূত অন্বেষণ, উন্নত পুনৰুদ্ধাৰ পদ্ধতি, আধুনিক প্রযুক্তিৰ ব্যৱহাৰ আৰু দক্ষ ক্ষেত্ৰ ব্যৱস্থাপনাৰ জৰিয়তে অইলে ভাৰতৰ শক্তি সুৰক্ষা বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।