ডিজিটেল ডেস্ক : ২০২৪ চনত নীট-ইউ জিৰ প্রশ্নকাকত ফাদিল হোৱাৰ সময়ত দেশজুৰি ব্যাপক প্রতিবাদ হৈছিল। সেই সময়ত নীট প্রত্যাশীৰ সমৰ্থন প্রতিবাদত অংশ লৈছিল মহাৰাষ্ট্ৰৰ লাটুৰৰ ৰসায়ন বিভাগৰ অধ্যাপক শিৱৰাজ ৰঘুনাথ মোটেগাওকাৰে। 'এম ছাৰ' হিচাপে জনপ্রিয় এই অধ্যাপকে সেই সময়ত শিক্ষাৰ্থীৰ হৈ আদালতত আবেদনো দাখিল কৰিছিল।
কিন্তু শেহতীয়াকৈ নীট-ইউ জি ২০২৬ পৰীক্ষাৰ প্ৰশ্নকাকত বাতিল হোৱাৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তসকলৰ ভিতৰত দুবছৰৰ পাছত 'এম ছাৰ'ৰো নাম সাঙোৰ খাই ছে। এই গোচৰৰ সংক্ৰান্তত 'ৰেণুকাই কেমিষ্টি ক্লাছেছ'ৰ প্ৰতিষ্ঠাপক শিৱৰাজ ৰঘুনাথক দেওবাৰে চি বি আয়ে গ্ৰেপ্তাৰ কৰে।
ৰঘুনাথৰ চৌহদত তালাচী চলোৱাৰ সময়ত চি বি আয়ে তেওঁৰ ম'বাইল ফ'নত ফাদিল হোৱা প্ৰশ্নকাকতৰ কপি উদ্ধাৰ কৰিছিল। উল্লেখযোগ্য যে চি বি আয়ে গোচৰটোৰ সংক্ৰান্তত এতিয়ালৈকে ১০গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।