ভাৰতলৈ দৃঢ় সমর্থন বেলুচ নাগৰিকৰ, পাকিস্তানৰ পৰা বিদেশ মন্ত্ৰী জয়শংকৰলৈ মুকলি চিঠি

dainik janambhumi January 03, 2026

ডিজিটেল ডেস্ক: বিদেশ মন্ত্রী এছ জয়শংকৰলৈ পাকিস্তানৰ বেলুচিস্তানৰ অগ্ৰণী বেলুচ নেতা তথা মানৱ অধিকাৰ কৰ্মী মীৰ য়াৰ বেলুচে মুকলি চিঠি লিখি বেলুচ নাগৰিকৰ ভাৰতৰ প্ৰতি দৃঢ় সমর্থন প্রকাশ কৰিছে। বেলুচে কয় যে বেলুচিস্তানৰ নাগৰিকে বৰ্তমান সময়ত লক্ষ্য কৰিছে যে পাকিস্তান আৰু চীনে দুয়ো দেশৰ মাজত কৌশলগত মিত্রতা বৃদ্ধি কৰিছে আৰু এই বর্ধিত দ্বিপাক্ষিক সম্পর্ক বিপজ্জনক বুলি মীৰ বেলুচে অভিহিত কৰে। 

মীৰ বেলুচে ভাৰতক সতৰ্ক কৰি কয় যে ইছলামাবাদৰ সহযোগিতাত বেই জিঙে চীন-পাকিস্তান অর্থনৈতিক কৰিডৰৰ (চি পি ইচি) কাম চূড়ান্ত পর্যায়লৈ আনিছে। অহা কেইমাহমানৰ ভিতৰত চীনে ইয়াৰ সৈন্য পাকিস্তানৰ বেলুচিস্তানত মোতায়েন কৰিব বুলি মীৰ বেলুচে দাবী কৰে। বিদেশ মন্ত্ৰী জয়শংকৰলৈ লিখা মুকলি পত্ৰখনত মীৰে উল্লেখ কৰে যে পাকিস্তানৰ নিয়ন্ত্রণত দশক দশক ধৰি বেলুচিস্তানৰ নাগৰিকে শোষণ-অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। 

পাকিস্তান চৰকাৰৰ পৃষ্ঠপোষকতাতেই বেলুচিস্তানত হিংসা আৰু মানৱ অধিকাৰ খৰ্ব কৰি থকা হৈছে বুলি মীৰে কয়। বেলুচ জাতীয়তাবাদী নেতাজনে কয় যে ২০২৫ চনৰ মে'ত বেলুচিস্তানক পাকিস্তানৰ পৰা স্বাধীন কৰা হয়। ২০২৬-ৰ মে'ত বেলুচিস্তান গণৰাজ্যই স্বাধীনতা দিৱস পালন কৰিব বুলি তেওঁ কয়। পত্ৰখনত ভাৰতৰ 'অপাৰেশ্যন সেন্দূৰ' অভিযানক প্রশংসা কৰি মীৰ বেলুচে কয় যে ভাৰতৰ প্ৰতি বেলুচ নাগৰিকৰ দৃঢ় সমর্থন আছে।

Share This