পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ‘অপাৰেশ্যন সেন্দূৰ’ শীঘ্ৰেই চিনেমা ৰূপত; কোনে কৰিব অভিনয় ?

Kakali Deka May 11, 2025

ডিজিটেল ডেস্ক : যোৱা ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে আৰম্ভ কৰা অপাৰেশ্যন সেন্দূৰে সমগ্ৰ পাকিস্তানক কঁপাই তুলিছে। ভাৰত চৰকাৰে গ্ৰহণ কৰা এই প্ৰতিশোধমূলক ব্যৱস্থাক সকলোৱে প্ৰশংসা কৰিছে। এতিয়া এই অপাৰেশ্যনৰ ওপৰত এখন ছবি নিৰ্মাণ হ’বলৈ গৈ আছে আৰু ইয়াৰ নাম ৰখা হৈছে ‘অপাৰেশ্যন সেন্দূৰ’ ।

ইতিমধ্যে এই ছবিখনৰ কথা ৰাজহুৱাকৈ ঘোষণাও কৰা হৈছে। এই ছবিখন নিকি-বিকি ভগনানী ফিল্মছ এণ্ড কণ্টেণ্ট ইঞ্জিনীয়াৰৰ বেনাৰত নিৰ্মাণ হ’ব বুলি প্ৰকাশ পাইছে। ভাইৰেল ভায়ানীয়ে প্ৰকাশ কৰিছে এই কথা। এক এ আই প'ষ্টাৰৰ জৰিয়তে ছবিখনৰ কথা ঘোষণা কৰা হৈছে। প'ষ্টাৰখনত এগৰাকী মহিলা সামৰিক বিষয়াই হাতত বন্দুক লৈ অভিযানৰ বাবে সাজু হোৱা দেখা গৈছে। প'ষ্টাৰখনত লিখা আছে, ‘ভাৰত মাতা কি জয়, অপাৰেশ্যন সেন্দূৰ’।

আপোনালোকক জনাওঁ যে নিকি-বিকি ভগনানী ফিল্মছ আৰু দ্য কন্টেন্ট ইঞ্জিনীয়াৰে আনুষ্ঠানিকভাৱে ইয়াৰ প'ষ্টাৰ মুকলি কৰাত ৰাইজে ক্ষুব্ধ হৈ ছবি নিৰ্মাতাসকলক তীব্ৰ সমালোচনা কৰিছে।

এই ছবিখন জেকী ভগনানীৰ সম্পৰ্কীয় ভাতৃ বিকি ভগনানীয়ে প্ৰযোজনা কৰিব বুলি জানিব পৰা গৈছে। বিকি ভগনানীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ভাইৰেল ভায়ানীৰ ছ’চিয়েল মিডিয়াৰ প'ষ্টটো শ্বেয়াৰ কৰি নিজৰ ছবিখনৰ কথা ঘোষণা কৰিছে। এই মুহূৰ্তত কেৱল ছবিখনৰ কথা ঘোষণা কৰা হৈছে। এই ছবিখনৰ মূল অভিনেতা সন্দৰ্ভত কোনো তথ্য জানিব পৰা নাই।

Share This