প্লে-কাৰ্ড প্ৰদৰ্শন কৰি ভাষণত বাধা, দাম বৃদ্ধিৰ কথা ক'বলৈ ৰাজ্যপালক দাবী বিৰোধীৰ, উত্তপ্ত সদন

dainik janambhumi May 23, 2026

ডিজিটেল ডেস্ক : ৰাজ্যখনৰ উন্নয়নৰ খতিয়ান আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ কথা উল্লেখ কৰি ৰাজ্যপালে কালি অসম বিধানসভাত দিয়া ভাষণৰ প্ৰতিবাদত মুখৰ হৈ পৰিল বিৰোধী কংগ্ৰেছ আৰু ৰাইজৰ দল। ৰাজ্যপালে ভাষণত দেশৰ অৰ্থনৈতিক পৰিস্থিতিত খৰচ কমাবলৈ জনোৱা আহ্বানৰ লগে লগে বিধায়িনী দলৰ নেতাহীন কংগ্ৰেছৰ সদস্যসকলে জাঙুৰ খাই উঠি সদনৰ ভিতৰে-বাহিৰে প্ৰতিবাদ জনায়। দাম বৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰাৰ লগতে চৰকাৰে নিয়ন্ত্ৰণত ব্যর্থ হৈছে বুলি নিজ নিজ আসনৰ পৰা কংগ্ৰেছৰ সদস্যসকলে ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰি ভাষণ পাঠ কৰাত ব্যাঘাত জনাবলৈ চেষ্টা চলায়। 

কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ সদস্যসকলে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে যদিও ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ভাষণ অব্যাহত ৰাখে। প্লে' কার্ড প্রদৰ্শন কৰি ৰাজ্যপালৰ সন্মুখলৈ গৈ ৰাজ্যপালক দেশৰ সংকট, সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিষয়ে ক'বলৈ দাবী জনায় বিধায়ক অখিল গগৈ আৰু বিৰোধী কংগ্ৰেছৰ বিধায়কসকলে। বিৰোধীৰ প্ৰতিবাদৰ মাজতো ৰাজ্যপালে ভাষণ পাঠ অব্যাহত ৰখাৰ প্ৰতিবাদত কংগ্ৰেছৰ সদস্যসকলে ভাষণ বৰ্জন কৰি সদন ত্যাগ কৰে। 

ইফালে, কংগ্ৰেছৰ সদস্যসকলে সদন ত্যাগ কৰে যদিও ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰি দাম বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰি ভাষণৰ বিৰোধিতা কৰে। প্রায় ৪০ মিনিট ধৰি নিজ আসনৰ পৰা আৰু ৰাজ্যপালৰ সন্মুখলৈ গৈ প্রতিবাদ সাব্যস্ত কৰি অৱশেষত সদন ত্যাগ কৰে আৰু তেওঁক সহযোগ কৰে দলটোৰ আনজন সদস্য মেহবুৰ মোক্তাৰে। 

উল্লেখযোগ্য যে ভাষণত বাধা দিবলৈ চেষ্টা চলোৱাৰ মাজতো ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই তেওঁৰ ৩১ পৃষ্ঠাৰ ভাষণ সম্পূৰ্ণকৈ পাঠ কৰে। সদন ত্যাগ কৰি বিধানসভাৰ চৌহদত কংগ্ৰেছৰ বিধায়কসকলে মূল্যবৃদ্ধিক লৈ সৰৱ হৈ বিক্ষোভ প্রদর্শন কৰে। হাতে হাতে প্লে' কার্ড লৈ কংগ্ৰেছৰ বিধায়কসকলে প্রতিবাদ সাব্যস্ত কৰে। বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই', 'মূল্যবৃদ্ধি হ্রাস কৰক', 'বিজেপি চৰকাৰ হায় হায়' আদি শ্ল'গান দি বিৰোধী বিধায়কসকলে বিধানসভাৰ চৌহদ উত্তাল কৰি তোলে। এই সন্দর্ভত কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে কয়, 'ৰাজ্যৰ মূল জ্বলন্ত সমস্যা মূল্যবৃদ্ধিৰ প্ৰসংগত ৰাজ্যপালৰ ভাষণত এটা বাক্যও উচ্চাৰণ কৰা নাই। যাৰ বাবে আমি কংগ্রেছ বিধায়িনী দলে সদন ত্যাগ কৰিছোঁ। ৰাজ্য চৰকাৰে ৰাইজক সকাহ দিয়াৰ বিপৰীতে নাটক কৰি আছে।' বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে কংগ্রেছ বিধায়িনী দল সদায় ৰাইজৰ লগত আছে। সদায় ৰাইজৰ সমস্যা সমাধান কৰাৰ বাবে সৰৱ ভূমিকা পালন কৰি যাব। বৰ্তমান ৰাজ্যখনত সকলো বস্তুৰ অভাৱনীয় মূল্যবৃদ্ধি হৈছে, কিন্তু চৰকাৰখনৰ কোনো কাণসাৰ নাই। মূল্যবৃদ্ধি ৰোধ কৰাৰ কোনো পদক্ষেপ লোৱা নাই। কেন্দ্ৰ আৰু ৰাজ্যৰ কোনো পদক্ষেপ নাই। সাধাৰণ জনতাৰ দুবেলা দুমুঠি খোৱাৰ বাবে কষ্ট হৈছে। 

চৰকাৰে নিজৰ দায়িত্ব পালন কৰা নাই। বিধায়ক ৰেকিবুদ্দিন আহমেদে কয়, 'অধ্যক্ষই সদায় খোজকাঢ়ি আহক। মুখ্যমন্ত্রীকেইজনে সদায় ৰিক্সাত যাওক। প্রধানমন্ত্রী মোদীয়ে ডাঙৰ বিমান লৈ বিদেশ ভ্রমণ কৰাৰ বিপৰীতে খোজকাঢ়ি যাওক। নাটক বেছি কৰি লাভ নাই।' বিধায়ক ডাঃ জয়প্রকাশ দাসে কয়, 'তেল নাখাব, গাড়ী কমকে চলাব আদি কোৱাৰ পাছত প্রধানমন্ত্রী বিদেশ ভ্রমণলৈ গৈছে। ধিক্কাৰ দিছোঁ। ৰাইজক সকাহ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ কোনো পদক্ষেপ নাই। চৰকাৰ এতিয়াও শুই আছে।' ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে বিধানসভাৰ চৌহদত সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে প্রধানমন্ত্রীয়ে মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কৈছিল। কিন্তু পেট্রলৰ দাম ৭৫ টকাৰ পৰা ১০১ টকা হ'ল। ডিজেলৰ দাম ৯২.৪৯ টকালৈ বৃদ্ধি পালে। এল পি জি চিলিণ্ডাৰৰ দাম বিজেপি চৰকাৰ অহাৰ পূৰ্বে ৪১৪ টকা আছিল, কিন্তু এতিয়া ৯৬২ টকা হ'ল। আনহাতে, অর্থনৈতিক এই সংকটৰ সময়ত এটা গেছ চিলিণ্ডাৰৰ দাম ২৫০০ টকাৰ পৰা তিনি হাজাৰ টকা হ'ল। সামগ্ৰীৰ মূল্যবৃদ্ধিৰ তালিকা এফালৰ পৰা উল্লেখ কৰি অখিল গগৈয়ে লগতে কয়, ২,৮০০ টকা মূল্য থকা সত্যম নামৰ ৰডৰ মূল্য এতিয়া ৭,৪০০ টকালৈ বৃদ্ধি পালে। ভি আই পি ৰডৰ দাম ২,৮০০ টকাৰ পৰা ৭,৫০০ টকালৈ বৃদ্ধি পালে। দুর্গাপুৰ ৰডৰ এক কুইণ্টলৰ মূল্য ২,৯০০ টকাৰ পৰা ৭,৬০০ টকালৈ বৃদ্ধি পালে। কামধেনু ৰডৰ দাম ২,৯২৯ টকাৰ পৰা ৭,৮০০ টকালৈ বৃদ্ধি পালে। 

আনহাতে, চিমেণ্টৰ মূল্যবৃদ্ধি সন্দৰ্ভত অখিল গগৈয়ে কয়, টপচেম চিমেণ্ট ৩০০ টকাৰ পৰা ৫৮০ টকা হ'ল। ডালমিয়া চিমেণ্টৰ মূল্য ৩০০ টকাৰ পৰা ৫৯০ টকালৈ বৃদ্ধি পালে। হিমন্ত বিশ্ব শর্মা চৰকাৰ অহাৰ আগতে এটা ইটাৰ মূল্য আছিল ৪ টকা। কিন্তু এতিয়া এটা ইটাৰ মূল্য ১২ টকাৰ পৰা ১৪ টকালৈ বৃদ্ধি হৈছে। সেইদৰে এক ট্ৰেক্টৰ বালিৰ মূল্য ৫০০ টকা আছিল যদিও এতিয়া ১,৪০০-ৰ পৰা ৫০০ টকালৈ বৃদ্ধি পালে। নির্মাণ সামগ্ৰীৰ প্ৰতিটোৰে অভাৱনীয় মূল্যবৃদ্ধি হৈছে। তেনেস্থলত সাধাৰণ জনতাই কিদৰে নিজৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰিব। নিত্যপ্রয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি সন্দর্ভত অখিল গগৈয়ে কয়-এক লিটাৰ ইঞ্জিন মিঠাতেলৰ মূল্য আছিল ৯০ টকা আৰু এতিয়া ২১০ টকালৈ বৃদ্ধি পালে। সেইদৰে এক কেজি চুজিৰ মূল্য ২৫ টকাৰ পৰা বৃদ্ধি হৈ ১১০ টকাৰ পৰা ১১৫ টকা হ'ল। অত্যাৱশ্যকীয় প্রতিবিধ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি হৈছে। সাধাৰণ জনতাৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে। কিন্তু চৰকাৰখনৰ কোনো কাণসাৰ নাই।

Share This