ঔটেঙাৰ আছে বহু উপকাৰী গুণ! আহক জানো সবিশেষ

Kakali Deka November 11, 2023

ডিজিটেল ডেস্কঃ অসমৰ মানুহৰ মাজত ঔ টেঙা অতি জনপ্রিয়। গাঁৱে-ভূঞে অতি সহজলভ্য ঔ টেঙা অতি ঔষধি গুণসম্পন্ন। বিভিন্ন অসমীয়া খাদ্যত ঔটেঙাৰ ব্যৱহাৰ হয়। ঢেকীয়া শাকৰ লগত ঔটেঙাৰ জুতি সকলোৱে ভাল পায়। ঔ টেঙাৰ বহুতো ঔষধি গুণ আছে। ঔষধিগুণৰ বিষয়ে আপুনি হয়তু বহু কথাই নাজানে। বর্তমান ঔ টেঙাৰ চাহিদা বৃদ্ধি হৈছে। আহকচোন জানো ঔ টেঙাৰ ঔষধি গুণৰ বিষয়ে।

১)পেটৰ বাবে বহু উপকাৰী ঔটেঙাই কোষ্ঠকাঠিন্যতা দূৰ কৰে।

২)নিম্ন ৰক্তচাপৰ বাবে অতি উপকাৰী।

৩)ঔ টেঙাত যিহেতু ভিটামিন এ প্ৰচুৰ পৰিমাণে পোৱা যায় গতিকে ই চকুৰ বাবে অতি উপকাৰী। ভিটামিন চি থকাৰ বাবে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পায়।

৪)ঔটেঙাৰ ভিতৰৰ জিমটো চুলিৰ বাবে উপকাৰী। মূৰৰ উফি দূৰ কৰে। বহু দিনীয়া বিষৰ উপশমৰ বাবে ঔ

টেঙা অতি উপকাৰী।

৫)শৰীৰ উত্তাপ বৃদ্ধি পালে অথবা পেটত গৰম সোমালে ঔ টেঙা খালে ভাল।

৬) লিউকেমিয়াৰ দৰে গুৰুতৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষমতাযুক্ত।

৭) পেটৰ বিষ, ডায়েৰিয়া ভাগৰ, স্নায়বিক দুর্বলতা জনিত ৰোগৰ চিকিৎসাত প্ৰয়োগ হয়।

৮)ঔটেঙাৰ পাত বা পাহি চতিয়াই থলে ধানৰ ভঁৰালত কীট-পতংগ নহয় আৰু এন্দুৰ, নিগনি আতৰ হয়।

(১৯) এন্টিচেণ্টিক আৰু এন্টিভাইৰেল গুণযুক্ত বাবে অসমীয়া লোকবিশ্বাসমতে ওটো আৰু ইয়াৰ পাত শোৱনি কোঠাৰ বিচনাৰ তলত দি খোৱা হয় যাতে বসন্ত বা আন সংক্রামক ব্যাধি নিয়ন্ত্রণত থাকে।

১০) ঔ টেঙাৰ ৰস হৃদৰোগীৰ বাৰে উপকাৰী ।

১১)৫ টেন্ডাই হজম শক্তি বৃদ্ধি কৰে।

অসমীয়া মানুহে ঔটেঙাৰ মাছৰ আঞ্জা, দাইলত দি, অম্বল নাই, চৰবত, আচাৰ আৰু চাটনি কৰি খায় ভাল পায়। আন বহুতে জাম,জেলি আদিও প্রস্তুত কৰে। অসমীয়া ৰান্ধনীসকলে ঔটেঙাৰ নানাবিধ জুতি লগা ব্যঞ্জন বনায়। তাৰ কিছুমান হ'ল – মাটিদাইলৰ লগত ঔটেঙাৰ আঞ্জা, মচুৰ দাইলৰ লগত ঔটেঙা, ঢেকীয়াশাকৰ আঞ্জা, মাছৰ ঔটেঙা আঞ্জা, কুমলীয়া ঔটেঙাৰ কলিৰ চৰ্চৰি ভাজি, ভাতত সিদ্ধ কৰা ঔটেঙাৰ পিতিকা আদি । বহুতে ঔটেঙা সৰুসৰুকৈ কুটি নিমখ লগাই ৰ'দত শুকুৱাই সাঁচি থয়। কেঁচা ঔটেঙা ফ্ৰিজত এমাহলৈ সংৰক্ষণ কৰিব পাৰি ৷

অসমীয়া জনজীৱনত অতীজৰে পৰা ঔটেঙাই বিশিষ্ট স্থান লাভ কৰি আহিছে। গতিকে আহক ঔ টেঙা খাই আমাৰ শৰীৰক নিৰোগী কৰি ৰাখো।

Share This