ডিজিটেল ডেস্ক :: শনিবাৰে পুৱাতে পদ্মভূষণেৰে সন্মানিত, অকাদেমি ৰত্ন, নৃত্যাচার্য যতীন গোস্বামীৰ বাসস্থানত এক উদুলি-মুদুলি পৰিৱেশ। কিয়নো শনিবাৰে তেওঁৰ ওপজা দিন। ৯২ বছৰ সম্পূৰ্ণ কৰি ৯৩ বছৰত ভৰি দিলে গোস্বামীয়ে। ক'বলৈ গ'লে শুভেচ্ছা জনাবলৈ অহা লোকেৰে পুৱাৰে পৰা তেওঁৰ ঘৰ লোকাৰণ্য। গুণমুগ্ধসকলৰ শুভেচ্ছা গ্রহণ কৰি তেওঁ কয়, '৯২ বছৰৰ জীৱন পৰিক্ৰমা এক সুন্দৰ অভিজ্ঞতা। বহু কাম কৰিলোঁ। সমাজৰ বাবে আৰু বহুখিনি কৰিবলৈ বাকী আছে।'
নতুন প্ৰজন্মৰ নৃত্যশিল্পীসকলক সময়ৰ সদ্ব্যৱহাৰ কৰি সমাজৰ প্ৰতি নিষ্ঠাৰে তথা দায়বদ্ধতাৰে কাম কৰি যাবলৈ তেওঁ আহ্বান জনায়। উল্লেখযোগ্য যে আকাশবাণী গুৱাহাটীৰ পৰিয়ালৰ তৰফৰ পৰা অনুষ্ঠানৰ কার্যবাহী সমন্বয়ক কার্তিক সূত্ৰধৰ আৰু প্ৰচাৰণ কাৰ্যবাহী ইন্দ্ৰজিৎ দাসে এখন ফুলাম গামোচা, আকাশবাণী গুৱাহাটীৰ এটি স্মাৰক আৰু এটি ৰেডিঅ' ছেটেৰে তেওঁক ওপজা দিনৰ ওলগ জনায়।
পদ্মশ্ৰীৰে সন্মানিত, সংগীত নাটক অকাদেমি বঁটা প্রাপক ঘনকান্ত বৰা বৰবায়ন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদর্শন ঠাকুৰ, কথক নৃত্য গুৰু, বিষ্ণু ৰাভা বঁটা প্রাপক বিপুল দাস, বিশিষ্ট গীতিকাৰ কীৰ্তিকমল ভূঞা, সাহিত্য অকাদেমি বঁটা প্রাপক অনুৰাধা শৰ্মা পূজাৰী, সংগীত নাটক অকাদেমি বঁটা প্রাপক প্রাঞ্জল শইকীয়া, অনিতা শৰ্মা আৰু ৰঞ্জুমণি শইকীয়া, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ হৈ প্রদীপ পূজাৰী, অভিনেত্রী পূর্ণিমা পাঠক শইকীয়া, ৰাষ্ট্ৰীয় বঁটা প্রাপক চলচ্চিত্র সমালোচক উৎপল দত্ত, কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা উপলা বৰুৱা, নৃত্যশিল্পী বেবী ভূঞা, ৰুবী বৰা বৰদলৈ, সাংস্কৃতিক কর্মী প্রাণজিৎ শইকীয়াকে ধৰি বহু গুণমুগ্ধই তেওঁৰ ওপজা দিনৰ ওলগ জনাই আৰু দীর্ঘজীৱন তথা সু-স্বাস্থ্যৰ কামনা কৰে।