ডিজিটেল ডেস্ক : সপোন আছিল চৰকাৰে দিয়া এটা অত্যাধুনিক সংগ্রহালয়ত তাঁতশালত বোৱা নিজৰ সৃষ্টিৰাজি নষ্ট নোহোৱাকৈ মনে বিচৰাধৰণে ৰাখিব। কিন্তু সেই সপোন আজিও বাস্তৱত ৰূপ পোৱা নাই। চৰকাৰে কেৱল আশ্বাসৰ উপৰি আশ্বাসেই দিছে। সেই আশ্বাসক এতিয়া বিশ্বাসত ল'ব পৰা নাই পদ্মশ্রী হেমপ্রভা চুতীয়াই। 'গুণমালা', 'নামঘোষা', 'শ্রীমদ্ভাগৱত গীতা' তাঁতশালত অসমীয়া, ইংৰাজী, সংস্কৃত ভাষাত বৈ উলিয়াই অসাধাৰণ সৃষ্টিৰ পৰিচয় দিয়া মৰাণৰ শিপিনী, পদ্মশ্রী হেমপ্রভা চুতীয়া এতিয়া হতাশগ্ৰস্ত হৈ পৰিছে। তাঁতশালত বৈ সম্পূৰ্ণ কৰা ধৰ্মগ্রন্থকেইখন উপযুক্ত সংৰক্ষণৰ চিন্তাই চিন্তিত কৰি তুলিছে পদ্মশ্রী হেমপ্রভা চুতীয়াক। যাৰ বাবে বৰ্তমান ইংৰাজী আৰু হিন্দী ভাষাত বৈ থকা 'নামঘোষা'ৰ কাম আধাতে বন্ধ কৰি দিছে শিপিনীগৰাকীয়ে।
তাঁতশালত শিপিনীগৰাকীয়ে বৈ উলিওৱা ধৰ্মগ্রন্থসমূহ উপযুক্ত সংৰক্ষণৰ বাবে এটা বিজ্ঞানসন্মত উন্নতমানৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক নিজে সাক্ষাৎ কৰি আবেদন জনাইছিল। আনকি বৰ্তমানৰ বিধায়ক তথা প্রাক্তন মন্ত্ৰী বিমল বড়াকো অনুৰোধ কৰিছিল শিপিনীগৰাকীয়ে এটা সংগ্ৰাহলয় নিৰ্মাণ কৰি দিব লাগে। দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে মৌখিকভাবে আশ্বাস প্রদান কৰিছিল যদিও বর্তমানলৈকে সেই আশ্বাস পূৰণৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। যাৰ বাবে ক্ষোভ আৰু হতাশাত নিজৰ সৃষ্টিশীল কৰ্ম স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে হেমপ্ৰভা চুতীয়াই। নিজৰ সৃষ্টিৰাজি চকুৰ আগতে নষ্ট হৈ পৰাৰ আশংকাত ভাগি পৰিছে শিপিনীগৰাকী। সন্মান ঠিকেই দিলে, সেই সন্মানে সৃষ্টিৰাজিক অক্ষত কৰিব পাৰিবনে? শেহতীয়াকৈ অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ দ্বাৰা মৰাণৰ অভয়পুৰত থকা পদ্মশ্রী হেমপ্রভা চুতীয়াৰ বাসগৃহত কাষতে থকা ভূমিত এটা প্রশিক্ষণ কেন্দ্র আৰু সংগ্ৰহালয় নিৰ্মাণৰ কাম চলি আছে যদিও সেই সংগ্রহালয়ত এখন বর্ণবস্তুও নিৰাপদভাৱে ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ নহয় বুলি জানিবলৈ দিছে শিপিনীগৰাকীয়ে।
সংবাদ মাধ্যমৰ জৰিয়তে পদ্মশ্রী হেমপ্রভা চুতীয়াই অসমৰ সম্পদ এই বর্ণবস্ত্রসমূহ উপযুক্ত আৰু বিজ্ঞানসন্মত পদ্ধতিৰে সংৰক্ষণৰ বাবে এটা অত্যাধুনিক সংগ্রহালয় নিৰ্মাণৰ বাবে পুনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাক আহ্বান জনাইছে। শিপিনীগৰাকীৰ আশা-মুখ্যমন্ত্ৰী গৰাকীয়ে অতি সোনকালেই তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাব।