ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে প্ৰথমখন যুদ্ধত পৰাজিত হৈছে পাকিস্তান। অৱশ্যে এই যুদ্ধ অস্ত্র-শস্ত্ৰৰ নহয়, কূটনৈতিক যুদ্ধহে। ভাৰতৰ বিৰুদ্ধে পাকিস্তানে চলোৱা প্রায় সকলো কূটনৈতিক প্রচেষ্টাই ব্যর্থ হয়। দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু তেওঁৰ সতীর্থ মন্ত্রীয়ে বিশ্বৰ বিভিন্ন দেশৰ লগত যোগাযোগ কৰি ভাৰতৰ বিৰুদ্ধে সহায় বিচাৰিছিল, কিন্তু প্ৰায়বোৰ দেশেই পাকিস্তানক নিৰাশ কৰে। শেহতীয়াকৈ পাকিস্তানে ৰাষ্ট্ৰসংঘত চলোৱা এক কূটনৈতিক চালো ব্যর্থ হয়। ভাৰতৰ বিদেশ মন্ত্রী এছ জয়শংকৰৰ কূটনীতিত হাৰ মানিবলৈ বাধ্য হয় পাকিস্তান।
পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আক্ৰমণাত্মক কার্যকলাপ আৰু প্ৰৰোচনামূলক মন্তব্য দিয়াৰ অভিযোগ কৰি এই বিষয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বৈঠকত আলোচনা হোৱাটো বিচাৰিছিল। কিন্তু নিৰাপত্তা পৰিষদৰ ১৫খন সদস্য দেশৰ ১৩খনেই পাকিস্তানক সহযোগ কৰাৰ পৰিৱৰ্তে ভাৰতৰ পক্ষতহে থিয় দিয়ে। নিৰাপত্তা পৰিষদে পাকিস্তানৰ মুকলি বৈঠকৰ প্ৰস্তাৱ অগ্রাহ্য কৰে। এতিয়া বৈঠক বন্ধ কোঠাত অনুষ্ঠিত হ'ব। ইফালে বৈঠকত পাকিস্তানে সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদৰ প্ৰসংগটোক লৈ আলোচনা হোৱাটো বিচৰা নাছিল। কিন্তু ভাৰতক সমর্থন জনোৱা ১৩খন দেশে স্পষ্টভাবে এই বিষয়টো বৈঠকত উত্থাপন কৰা হ'ব বুলি কয়। পাকিস্তানে সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদৰ প্রসংগত আলোচনা হোৱাটো বিচৰা নাছিল, কিয়নো দেশখনৰ হাতত ইয়াৰ কোনো উত্তৰ নাছিল। মন কৰিবলগীয়া যে পহলগামত সন্ত্রাসবাদীয়ে ২৬ জন নিৰীহ পৰ্যটকৰ প্ৰাণ লোৱাৰ পাছত ভাৰতে ইয়াৰ প্রতিশোধ লোৱাৰ আশংকাত ভুগি আছে পাকিস্তান। সেয়েহে দেশখনে ভাৰতৰ বিৰুদ্ধে বিভিন্ন দেশৰ পৰা সমর্থন আদায়ৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আছে। কিন্তু এই দিশতো দেশখনে বিশেষ সফলতা লাভকৰিব পৰা নাই। অধিকাংশ দেশ ভাৰতৰ পক্ষত আছে। দেশখনে পাৰস্য উপসাগৰীয় দেশবোৰৰ পৰা সমর্থন আদায়ৰ চেষ্টা কৰি আছে। কিন্তু এই দেশবোৰৰ অধিকাংশই পাকিস্তানক মুকলিকৈ সমর্থন দিয়া নাই। উল্লেখযোগ্য যে পাকিস্তানৰ বিদেশ মন্ত্রী মহম্মদ ইশ্বাক ডাৰৰ প্ৰচেষ্টাত ৰাছিয়াৰ বিদেশ মন্ত্রী ছগেই লাভৰভৰ সৈতে টেলিফ'নত আলোচনা কৰে। লাভৰভে পাকিস্তানী বিদেশ মন্ত্ৰীজনক কয় যে দুয়োখন দেশৰ মাজত উত্তেজনাৰ এক ৰাজনৈতিক সমাধানৰ বাবে কাম কৰিবলৈ ৰাছিয়া সাজু। ইয়াৰ পাছতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফ'নত আলোচনা কৰি ভাৰতক সমর্থন জনোৱাৰ কথা ব্যক্ত কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফ, বিদেশ মন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্ৰীজনে যোৱা ৮ দিনে বিভিন্ন দেশৰ পৰা সমৰ্থন আদায়ৰ চেষ্টা কৰি আছে। দেশখনে ইছলামিক দেশবোৰৰ কাষ চাপে যদিও পাকিস্তানে আশানুৰূপ সঁহাৰি নাপালে। ইউৰোপিয়ান ইউনিয়নৰ দেশবোৰৰ পৰাও পাকিস্তানে আশা কৰাৰ দৰে সঁহাৰি পোৱা নাই।
উল্লেখযোগ্য যে পাকিস্তানে আমেৰিকাৰ পৰা সমর্থন বিচাৰি অনুৰোধ জনাইছিল, কিন্তু ৰাষ্ট্ৰপতি ট্রাম্প তথা তেওঁৰ প্রশাসনে ভাৰতৰ আত্মৰক্ষাৰ অধিকাৰ আছে বুলি মন্তব্য দি সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সমর্থন জনাই যাব বুলি কয়।