এমাহৰ ভিতৰত কৰিব লাগিব পৰিশোধ, ইউ এ ইৰ ৩.৫ বিলিয়ন ডলাৰৰ ঋণক লৈ সংকটত পাকিস্তান

dainik janambhumi April 07, 2026

ডিজিটেল ডেস্ক: ঋণ পৰিশোধৰ ম্যাদ উকলি যোৱাৰ পাছতেই পাকিস্তানে চলিত মাহতে সংযুক্ত আৰব আমীৰ শ্বাহীক (ইউ এ ই) ৩.৫ বিলিয়ন ডলাৰৰ ঋণ পৰিশোধ কৰিব লাগিব। ২০১৯ চনতে পাকিস্তানে ইউ এ ইৰ পৰা এই বৃহৎ পৰিমাণৰ ঋণ লাভ কৰিছিল।

পাকিস্তানৰ অৰ্থনীতিক সুস্থিৰ কৰি তোলাৰ লক্ষ্যৰেই এই ঋণ প্রদান কৰা হৈছিল। পূর্বে এই ঋণ ঘূৰোৱাৰ ম্যাদ বছৰি বৃদ্ধি কৰা হৈছিল যদিও পশ্চিম এছিয়াৰ অগ্নিগর্ভপৰিস্থিতিৰ বাবে ইউ এ ইয়ে মাহে মাহে ইয়াৰ ম্যাদ বৃদ্ধি কৰিছিল। পশ্চিম এছিয়াত ইৰান আৰু আমেৰিকাৰ যুদ্ধত ক্ষতিগ্রস্ত হোৱা ইউ এ ইয়ে এতিয়া ঋণ ঘূৰাই দিয়াৰ সময় বৃদ্ধি নকৰাৰ সিদ্ধান্ত লোৱাত বিপদত পৰিছে পাকিস্তান। 

অৱশেষত লজ্জা নিবাৰণৰ বাবে চলিত মাহত তিনিটা ভাগত ঋণ পৰিশোধৰ সিদ্ধান্ত লয়। দেশখনে ১১ এপ্রিলত ৪৫০ নিযুত ডলাৰ, ১৭ এপ্ৰিলত ২ বিলিয়ন ডলাৰ আৰু ২৩ এপ্ৰিলত ১ বিলিয়ন ডলাৰ ঋণ পৰিশোধ কৰিব। ই দেশখনৰ বৈদেশিক মুদ্ৰাৰ ভঁৰালতো নেতিবাচক প্রভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

Share This