পাকিস্তান বিশ্বৰ সবাতোকৈ ভয়ংকৰ দেশ

dainik janambhumi May 01, 2025

ডিজিটেল ডেস্কঃ যোৱা ২২ এপ্রিলত কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীৰ বৰ্বৰ আক্ৰমণৰ লগত পাকিস্তানক জড়িত কৰি বুধবাৰে ভাৰত চৰকাৰৰ শীৰ্ষ সূত্ৰসমূহে কয় যে পাকিস্তানে ইতিপূর্বে দুর্ধর্ষ সন্ত্রাসবাদী সংগঠনসমূহক পৃষ্ঠপোষকতা কৰি আহিছে আৰু দেশখনত সন্ত্রাসবাদীবোৰক আশ্রয় দি আহিছে। পাকিস্তানক বিশ্বৰ অন্যতম এটা ভয়ংকৰ দেশ বুলি অভিহিত কৰে ভাৰত চৰকাৰৰ শীৰ্ষ সূত্ৰসমূহে। সূত্রসমূহে আঙুলিয়াই দিয়ে যে বিশ্বৰ অন্যতম ভয়ংকৰ সন্ত্রাসবাদী আল-কায়দাৰ নেতা ওছামা বিন লাডেনক পাকিস্তানৰ এবট্টাবাদত ধৰা পেলোৱা হৈছিল আৰু ইয়াতেই বিশ্ব ত্রাস সৃষ্টিকাৰী লাডেনক আমেৰিকাই হত্যা কৰিছিল।

পাকিস্তানৰ জ্যেষ্ঠ 'ৰাজনীতিকসকলৰ উদ্ধৃতি দি সূত্ৰসমূহে কয় যে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফ আৰু জেনেৰেল পাৰভেজ মুছাৰফে ২৬/১১ মুম্বাই আক্ৰমণত সীমাৰ সিপাৰৰ সন্ত্রাসবাদীৰ হাত থকা বুলি পৰোক্ষভাৱে স্বীকাৰ কৰিছিল। শেহতীয়াকৈ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীজনেও এটা সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত দেশখনে তিনি দশকজুৰি আমেৰিকাৰ বাবে 'লেতেৰা কাম' কৰি আছিল বুলি স্বীকাৰ কৰিছে। তিনি দশকজুৰি পাকিস্তানে সন্ত্রাসবাদীক বিদেশী ৰাষ্ট্ৰক সমর্থন দিবলৈ গৈ আশ্রয় দি আছে বুলি পাক প্ৰতিৰক্ষা মন্ত্রীজনে আওপকীয়াকৈ দেশখনে সন্ত্রাসবাদীক আশ্রয় দি আছে বুলি স্বীকাৰ কৰিছে। ২০০৮ আৰু ২০১১ চনত কাবুলত ভাৰতীয় আৰু আমেৰিকান দূতাবাসত সন্ত্রাসবাদীৰ আক্ৰমণ আৰু ২০০৫ চনত সমগ্র লণ্ডনত বোমা বিস্ফোৰণৰ লগত পাকিস্তান চৰকাৰে পৃষ্ঠপোষকতা কৰা সন্ত্রাসবাদী জড়িত থকাৰ বিষয়টোৱে পাকিস্তানৰ সন্ত্রাসবাদীৰ সৈতে বিশ্বজনীন নেটৱৰ্ক থকাটো স্পষ্ট হৈ পৰিছে বুলি ভাৰত চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে। এই সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত হোৱা তদন্তসমূহে প্রকাশ কৰিছে যে সন্ত্রাসবাদীসমূহে পাকিস্তানী নেটৱৰ্কৰ পৰা সা-সঁজুলি যোগানৰ ক্ষেত্ৰত অথবা আদৰ্শগত সমর্থন লাভ কৰিছিল। ইমানবিলাক বিশ্বজনীন সন্ত্রাসবাদী কার্যকলাপত জড়িত থকাৰ পাছত পাকিস্তানে পহলগাম-কাণ্ডৰ লগত জড়িত নহয় বুলি বাৰম্বাৰ কৈ আহিলেও ভাৰতে বিশ্বাস নকৰে বুলি চৰকাৰী সূত্ৰসমূহে কয়।

দশক দশকজুৰি জিহাদীৰ নেতাসকলক ইন্ধন যোগাই ইছলামাবাদ আৰু পাক সেনাই দক্ষিণ এছিয়াৰ সমগ্র দেশসমূহত সন্ত্রাসবাদী কার্যকলাপ চলাই আছে বুলি ভাৰতে 'অভিযোগ কৰে। ভাৰতীয় সূত্ৰসমূহে দাবী কৰে যে পাকিস্তানে ইয়াৰ অঞ্চলসমূহত দেশখনৰ পুঁজিৰে বহুতো সন্ত্রাসবাদী প্রশিক্ষণ শিবিৰ স্থাপন কৰিছে আৰু ইয়াত দুর্ধর্ষ সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈয়বা আৰু জৈছ-ই-মহম্মদৰ দৰে কুখ্যাত সংগঠনবোৰৰ মূল ঘাটিও আছে বুলি সূত্রসমূহে দাবী কৰে। এই প্ৰশিক্ষণ শিবিৰবোৰত ধৰ্মীয় মৌলবাদ, অস্ত্র শস্ত্ৰৰ প্ৰশিক্ষণ আৰু আত্মঘাতী আক্ৰমণৰো প্রশিক্ষণ দিয়া হয় বুলি ভাৰত চৰকাৰৰ সূত্ৰসমূহে দাবী কৰে। বিশ্বজুৰি সন্ত্রাস বিয়পাই থকা সন্ত্রাসবাদীৰ পৃষ্ঠপোষক পাকিস্তান বিশ্বৰ প্রতি অতি ক্ষতিকাৰক বুলি ভাৰতে মন্তব্য কৰে।

Share This