ডিজিটেল ডেস্ক : সন্ত্রাসবাদীৰ পৃষ্ঠপোষক তথা সন্ত্রাসবাদ ৰপ্তানিকাৰীৰূপে পাকিস্তানৰ দীর্ঘদিনীয়া ভূমিকা পুনৰ উন্মোচিত হৈছে। এই উন্মোচন কৰিছে আমেৰিকাৰ সংসদে (মার্কিন কংগ্ৰেছ)। যোৱা ২৫ মার্চত প্রকাশ কৰা মার্কিন কংগ্ৰেছৰ এখন প্রতিবেদনে উদঙাই দিছে সেই সত্য, যি সত্য পাকিস্তানে একেৰাহে নাকচ কৰিবলৈ চেষ্টা কৰি আহিছে। সেই সত্য হৈছে- বিশ্বৰ আটাইতকৈ বিপজ্জনক সন্ত্রাসবাদী সংগঠনবোৰৰ নিৰাপদ আশ্ৰয় হৈ আছে পাকিস্তান।
উক্ত প্রতিবেদনৰ মতে, পাকিস্তানৰ মাটিৰ পৰা বর্তমান ১৪টা সন্ত্রাসবাদী সংগঠনে সন্ত্রাসবাদী কাম-কাজ চলাই আছে। এইবোৰৰ ভিতৰত আছে আল-কায়দা, আল-কায়দা ইন ইণ্ডিয়ান ছাবকন্টিনেন্ট আৰু ইছলামিক ষ্টেট খোৰাচান (আই এছ কে পি)ৰ দৰে বিশ্বব্যাপী সন্ত্রাসবাদী সংগঠনৰ লগতে ভাৰত-কেন্দ্রিক হিজবুল মুজাহিদীন, জৈছ-এ-মহম্মদ (জে ই এম) আৰু লস্কৰ-এ-তৈয়বা (এল ই টি)। প্রতিবেদনত প্রকাশ পাইছে যে কেৱল আই এছ কে পিৰে ৪০০০-৬০০০ সন্ত্রাসবাদী পাকিস্তান আৰু আফগানিস্তানত সক্রিয় হৈ আছে। ইয়াৰ উপৰি আল-কায়দাৰ সদস্যই অভিযানৰ বাবে পাকিস্তানৰ ভূমি ব্যৱহাৰ কৰাও অব্যাহত ৰাখিছে।
পাকিস্তানে সন্ত্রাসবাদীৰ আন্তঃগাঁথনি ভাঙি পেলাইছে আৰু জে ই এম তথা এল ই টিক নিষিদ্ধ কৰিছে বুলি যোৱা বছৰ, বিশেষকৈ অপাৰেশ্যন সেন্দূৰৰ পাছত বাৰে বাৰে কৰা দাবীৰ এই প্রতিবেদন সম্পূর্ণ বিপৰীত। মার্কিন কংগ্ৰেছৰ প্রতিবেদনে পাকিস্তানৰ এই মিথ্যাচাৰ উদঙাই দিছে। এই প্রতিবেদনত স্পষ্টকৈ কোৱা হৈছে যে এতিয়াও পাকিস্তানত লস্কৰৰ সহস্ৰাধিক আৰু জৈছৰ অৰ্ধ সহস্রাধিক সদস্য সক্রিয় হৈ আছে। ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি লৈ হিজবুল মুজাহিদীনৰ প্ৰায় ১,৫০০ সদস্যই পাকিস্তানত কাম কৰি আছে।