ডিজিটেল ডেস্ক : আফগানিস্তানৰ তিনিখন প্রদেশত মঙলবাৰে গোটেই নিশা পাকিস্তানে বিমান আক্রমণ কৰে। এই আক্রমণৰ ফলত ৯টি আফগান শিশুসহ ১০জন নিহত হয়। পাকিস্তানৰ এই আক্রমণৰ পাছতে দেশ দুখনৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। আফগানিস্তানৰ প্রদেশৰ এটা আৱাসিক।
খষ্ট ঘৰত বোমা বর্ষণ কৰি পাকিস্তানে ৯টি আফগান শিশুক হত্যা কৰাৰ পাছতেই দেশখনৰ তালিবান প্রশাসন জাঙুৰ খাই উঠিছে। পাকিস্তানৰ আক্রমণক যোগা প্রত্যুত্তৰ দিয়াৰ সংকল্প লৈছে তালিবান প্রশাসনে।
আফগান চৰকাৰৰ মুখ্য মুখপাত্র জাবিহুল্লাহ মুজাহিদে কয়, 'দক্ষিণ এছিয়াৰ দুই চুবুৰীয়া দেশব মাজত পুনৰ উত্তেজনা আৰম্ভ কৰিছে পাকিস্তানে। আফগানিস্তানৰ সার্বভৌমত্বক ৰক্ষা কৰাটো তালিবান চৰকাৰৰ বৈধ অধিকাৰ। উপযুক্ত সময়ত আমি পাকিস্তানৰ আক্রমণক যোগ্য প্রত্যুত্তৰ দিম।'