উর্দু ভাষাত ভাগৱত গীতা পঢ়িলে পাকিস্তানী হিন্দু মহিলাই

Dainik Janambhumi October 08, 2026

ডিজিটেল ডেস্ক : উর্দু ভাষাত ভাগৱত গীতা পঢ়ি থকা এগৰাকী পাকিস্তানী হিন্দু মহিলাৰ ভিডিঅ'ই এতিয়া ছ'চিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকর্ষণ কৰিছে। পাকিস্তানৰ কৰাছীৰ এগৰাকী কুচিপুড়ী শাস্ত্রীয় নৃত্যশিল্পীয়ে তেওঁৰ মাতৃৰ এই বিশেষ ভিডিঅ'টো ইণ্টাৰনেটত শ্বেয়াৰ কৰিছে। ভিডিঅ'টোত দেখা গৈছে যে সাগৰৰ পাৰত বহি মহিলাগৰাকীয়ে মনোযোগেৰে ভাগৱত গীতা পাঠ কৰিছে। আটাইতকৈ আচৰিত কথাটো হ'ল, তেওঁ পঢ়ি থকা পৰিত্ৰ গ্রন্থখন উর্দু লিপিত ছপা কৰা আছিল। 

সাধাৰণতে উর্দু ভাষাক এটা নির্দিষ্ট ধৰ্মৰ সৈতে সংযুক্ত কৰা ধাৰণাটোক এই ভিডিঅ'টোৱে ভুল প্রমাণিত কৰিছে। বহু নেটিজেনে মন্তব্য কৰিছে যে ভাষা কোনো ধৰ্মৰ একচেটিয়া সম্পত্তি নহয়। সাগৰৰ পাৰৰ মনোৰম পৰিৱেশত উর্দু ভাষাত গীতা পাঠ কৰাৰ এই দৃশ্যই বর্তমান সামাজিক মাধ্যমত বহুলভাৱে চর্চা লাভ কৰিছে। 

উল্লেখযোগ্য যে মোগল সম্রাট আকবৰে কেইজনমান সংস্কৃতৰ পণ্ডিতৰ সহযোগত তেওঁৰ বিদ্বান সভাসদসকলক ১৬ শতিকাত মহাভাৰতখন সংস্কৃতৰ পৰা পাৰ্টী ভাষালৈ অনুবাদ কৰাৰ এটা প্রকল্প লৈছিল আৰু এই প্রকল্পটোক 'ৰজমনামা' বুলি আখ্যা দিয়া হৈছিল। এই ৰীলটোৰ বিষয়ত এগৰাকী পাকিস্তানী মহিলাই মন্তব্য কৰি কয় যে ভাগবত গীতাখন সিন্ধি আৰু উর্দু ভাষা দুয়োটাতে উপলব্ধ।

Share This